কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি স্বচ্ছ ভাৰত ২.০ আৰু অমৰুট ২.০ৰ শুভাৰম্ভ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্রী মোদীয়ে নতুন দিল্লীৰ আম্বেদকাৰ আন্তর্জাতিক কেন্দ্ৰত আয়োজিত অনুষ্ঠানৰ ধ্বজাবাহী আঁচনি স্বচ্ছ ভাৰত ২.০ আৰু অমৰুট ২.০ৰ শুভাৰম্ভ কৰি কয়— আৱৰ্জনামুক্ত কৰা হ’ব দেশৰ চহৰবোৰ। চহৰবোৰত থকা আৱৰ্জনাৰ পাহাৰ আঁতৰ কৰা হ’ব।প্রধানমন্ত্রী মোদীয়ে স্বচ্ছ ভাৰত ২.০ শুভাৰম্ভ কৰি কয় যে দেশে প্রতিদিনে জমা হোৱা আৱৰ্জনাৰ প্ৰায় ৭০ শতাংশ সংসাধন কৰি আছে। স্বচ্ছ ভাৰত অভিযান জন আন্দোলনত পৰিণত হোৱা বাবে দেশজুৰি এই অভিযান ফলপ্ৰসূ হৈছে। পৰৱৰ্তী এই সংসাধন এশ শতাংশ কৰিব লাগিব। স্বচ্ছ ভাৰত ২.০ৰ জৰিয়তে আৱৰ্জনামুক্ত কৰাৰ সমান্তৰালকৈ অমৰুট ২.০ৰ জৰিয়তে পানী সুৰক্ষিত কৰা হ’ব। স্বচ্ছ ভাৰত মিছন— নগৰ (এছ বি এম ইউ ২.০), চহৰ ৰূপান্তৰ আৰু নৱজীৱনৰ কাৰণে অটল মিছন অভিযান (২.০ আৰু অমৰুট ২.০)ৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে এই অভিযানৰ জৰিয়তে দেশৰ নগৰবোৰত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰত্যাহ্বানসমূহ আঁতৰ কৰাৰ লগতে বহনক্ষম বিকাশৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাত এই চহৰৰ অভিযানে সহায় কৰিব।