কেঁচামাটিৰ গোন্ধ বিচাৰি….- নন্দেশ্বৰ মিলি

p.c Nostalgic Kerala
কেঁচামাটিৰ গোন্ধ বিচাৰি….

ধানৰ থোক দেখি

ইচাট্-বিচাট্ কৰেহি
মোৰ হৃদয়ৰ উকা বহী
যদিহে পাৰিলোহেঁতেন লিখিব
জোনৰ কাঁচি নচুওৱা শুভ লখিমী।
গাঁওৰ পথাৰৰ
কেঁচামাটিৰ গোন্ধ বিচাৰি
যামগৈ লৃগাঙৰ এইবেলি
আইৰ দুহাতেদি বনোৱা
আপং এবাটি খাই
জুৰিমগৈ ঐনিঃতম এফাঁকি।
গাঁওৰ ঘৰে ঘৰে
জ্বলে আশাৰ চাকি
মৰম-চেনেহ বান্ধোনবোৰ
কেনেকৈ থাকোঁ পাহৰি?
নন্দেশ্বৰ মিলি
8638881953