কৃষি বিভাগক ৰাজ্যৰ শ্ৰেষ্ঠ বিভাগলৈ ৰূপান্তৰৰ আহ্বান মুখ্যমন্ত্ৰীৰ

pc- Facebook

কৃষি বিভাগক ৰাজ্যৰ শ্ৰেষ্ঠ বিভাগলৈ ৰূপান্তৰৰ আহ্বান মুখ্যমন্ত্ৰীৰ

অনলাইন বাৰ্ত্তাসেৱা- খানাপাৰাস্থিত কৃষি চৌহদৰ কৃষি নিৱাসত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৃষি,উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থখা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় কৃষকে যাতে মানসম্পন্ন বীজ আৰু উপযুক্ত সাৰ বাধাহীন ভাৱে লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰিব লগিব লগতে ৰাজ্যখনৰ কৃষকসকলে যাতে সৰ্বাধিক লাভান্বিত হʼব পাৰে তাৰ বাবে পদক্ষেপসমূহ সকলীকৰণ কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত কয় যে ৫ বছৰৰ ভিতৰত কৃষি বিভাগক ৰাজ্যখনৰ সকলোতকৈ শ্ৰেষ্ঠ বিভাগ হিচাপে গঢ়ি তোলাৰ বাবে কৃষি, উদ্যান শস্য বিভাগসমূহৰ বিষয়া-কৰ্মাচাৰীসকলে নতুন চিন্তাআৰু উদ্ভাৱনীমূলক পদক্ষেপেৰে আগবাঢ়ি যাব লাগিব। কৃষি অসমৰ জনসাধাৰণৰ এক বাপতিসাহোন বুলি উল্লেখ কৰি কৃষি অৰ্থনীতি অধিক শক্তিশালী কৰাৰ দিশত সকলোৱে সন্মিলিতভাৱে আত্মনিয়োগ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰীকীয়ে মন্তব্য কৰে। বিগত পাঁচ বছৰত কৃষি বিভাগে এক কাঠামো নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি এই কাঠামোৰ ওপৰত ভিত্তি কৰি আগন্তুক ৫বছৰৰ ভিতৰত কৃষি বিভাগক এক শক্তিশালী বিভাগ হিচাপে পৰিগণিত কৰিবলৈ নিৰ্দেশ দিছে। পৰ্যালোচনা  বৈঠকত মুখ্যমন্ত্ৰীক কৃষি বিভাগৰ সঞ্চালক, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক, অসম বীডনিগম লিমিটেডৰ পৰিচালনা সঞ্চালক, অসম বীজ প্ৰামাণিকৰণ সংশ্থাৰ সঞ্চালকে বেলেগ বেলেগ প্ৰেজেন্টেচনৰে বিভাগকেইটাৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

 

(RT)