কালাম শিশু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক হিচাপে ধ্ৰুৱজ্যোতি কলিতা যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- আৱুল পাকিৰ জয়নুলাবদিন আব্দুল কালাম যুৱ বিজ্ঞানী ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধীনত গুৱাহাটীৰ অসম আভিযান্ত্ৰিক মহাবদ্যালয়ত থকা সুৰজিৎ একাডেমীত কালাম শিশু বিজ্ঞান কেন্দ্ৰ যোৱা ৩১ জানুৱাৰীত স্থাপন কৰা হৈছিল। কালাম শিশু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক হিছাপে ধ্ৰুৱজ্যোতি কলিতাক নিয়োগ কৰা হৈছে। আজি তেখেতে সুৰজিৎ একাডেমীত কালাম শিশু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৰূপে যোগদান কৰে। ধ্ৰুৱজ্যোতি কলিতাই সুৰজিৎ একাডেমীত বিজ্ঞান, গণিত আৰু প্ৰযুক্তি বিদ্যা বিষয়ৰ ওপৰত প্ৰশিক্ষন প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞানী পৰিষদৰ তেওঁ মৰিগাঁওৰ জিলাৰ সঞ্চালকো । তাৰোপৰি ধ্ৰুৱজ্যোতি কলিতা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় যুৱ জলপানি প্ৰাপ্ত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ পৰা যুৱ প্ৰতিভা শিল্পী বঁটা প্ৰাপ্ত।