কামাখ্যা দেৱালয়ৰ দ্বাৰ খোলাৰ অনুমতি

pc-Wikipedia

কামাখ্যা দেৱালয়ৰ দ্বাৰ খোলাৰ অনুমতি

অনলাইন বাৰ্ত্তাসেৱা– নতুন কোভিড এছ অ’ পি অনুসৰি নীতি-নিয়মৰ মাজেৰে কামখ্যা দেৱালয় খোলৰ অনুমতি প্ৰদান কৰে। বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰস্থিত ঐতিহাসিক কামাখ্যা দেৱালয় তিনিমাহ ধৰি বন্ধ হৈ আছে। ৰাজ্যখনত সম্প্ৰতি কোভিডকেন্দ্ৰিক পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি কামাখ্যা দেৱালয়ৰ মূল দ্বাৰ খোলাৰ ক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলে কামখ্যা দেৱালয় কৰ্তৃপক্ষই। ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড এছ অ’ পি অনুসৰি কামাখ্যা মন্দিৰত প্ৰতিঘণ্টাত সৰ্বাধিক কুৰজনকৈ লোকক কামাখ্যা দেৱালয়ৰ মূল পীঠস্থান দৰ্শনত অনুমতি প্ৰদান কৰ হৈছে। কোভিড প্ৰতিষেধকৰ দুয়োপালি লোৱা লোকসকলেহে মন্দিৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। দেৱালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে কামাখ্যা দেৱালয় কেতবোৰ নীতি নিয়মৰ মাজেৰে খোলাৰ ক্ষেত্ৰত সেউজ সংকেত দিয়াৰ পাছত দেৱালয় কৰ্তৃপক্ষই তৎকালে কাৰ্যকৰী হোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্দিৰলৈ অহা প্ৰতিগৰাকী লোকে দুই পালি কোভিড ভেকচিন লোৱা স্বাস্থ্য বিভাগৰ প্ৰমাণপত্ৰ দেৱালয় কৰ্তৃপক্ষক দেখুৱাব লাগিব। ভেকচিন নোলোৱা ভক্ত-দৰ্শনাৰ্থীসকলে কামাখ্যাত স্বাস্থ্য বিভাগে স্থাপন কৰা শিবিৰত কোভিড টেষ্ট কৰাৰ পাছত প্ৰদান কৰা নিগেটিভ প্ৰমাণপত্ৰ দেখুৱালে, তেনে লোকক মন্দিৰ দৰ্শনৰ অনুমতি প্ৰদান কৰা হ’ব। তদুপৰি সকলো দৰ্শনাৰ্থীয়ে মাস্ক পৰিধান কৰিব লাগিব।

(RT)