কানাডাৰ ইতিহাসত দ্বিতীয়গৰাকী মহিলা প্ৰতিৰক্ষামন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দেশখনৰ নতুন প্ৰতিৰক্ষামন্ত্ৰী কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন টুডিউৱে অনিতা আনন্দক নিযুক্তি দিছে।কানাডাৰ ইতিহাসত অনিতা আনন্দ হৈছে দ্বিতীয়গৰাকী মহিলা প্ৰতিৰক্ষামন্ত্রী। অনিতা আনন্দই ২০১৯ চনত ট্ৰুডিঅ’ৰ কেবিনেটত প্ৰথমগৰাকী হিন্দু মহিলা হিচাপে মন্ত্রিত্ব লাভ কৰিছিল। অনিতা আনন্দে অটোৱাৰ ৰিডিউ হলত এক জনাকীর্ণ পৰিৱেশত প্ৰতিৰক্ষামন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।