কানাডাত ১৭০ টাতকৈও অধিক বনজুই

pc NDTV.jpg

অনলাইন বাৰ্ত্তাসেৱা – কানাডিয়ান সামৰিক বাহিনীয়ে ব্ৰিটিছ কলম্বিয়াৰ বাসিন্দাসকলক স্থানান্তৰ কৰাত সহায় কৰিবলৈ সাজু হৈ আছে, কিয়নো এই অঞ্চলটোৱে অভিলেখ ভংগকাৰী উষ্ণপ্ৰৱাহৰ ফলত সৃষ্টি হোৱা ১৭০ টা বনজুইৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। বহুতো জুই বজ্ৰপাতৰ ফলত সংঘটিত হৈছে। ব্ৰিটিছ কলম্বিয়াৰ “লিটন” নামৰ গাওঁখনত যোৱা সপ্তাহত সমগ্ৰ কানাডাৰ ভিতৰত সৰ্বাধিক ৪৯.৬° চেণ্টিগ্ৰেড তাপমাত্ৰা নথিভুক্ত কৰিছিল।

(UD.)