কাতি বিহু আৰু পৰম্পৰা – স্বাগতা বৰুৱা গোস্বামী

pc NE FOCUS

কাতি বিহু আৰু পৰম্পৰা

স্বাগতা বৰুৱা গোস্বামী

অসমীয়াৰ বাপতিসাহোন বিহু তিনিটা। বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙাল বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কাতি বিহুক কঙালী বুলি কোৱা হয় কাৰণ এই সময়খিনিত সৰহ সংখ্যক খেতিয়কৰ ভৰাল উদং হয়, অভাব অনাটনেও দেখা দিয়ে সেয়ে এই বিহুক কঙালী বিহু বোলে।

আহিন আৰু কাতি মাহৰ সংক্রান্তিৰ দিনা আমাৰ কৃষিৰ লগত জড়িত উৎসৱ কাতি বিহু বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা উদযাপন কৰি আহিছে। এই বিহুৰ লগত বহুতো কৃষিসম্পকীয় বিশ্বাস আৰু হিন্দুৰ ধর্মীয় বিশ্বাস জড়িত হৈ আছে। আহাৰ, শাওন মাহৰ প্ৰখৰ গৰমকো নেওচি খেতিয়কে হাড়ভঙা শ্রমেৰে মনত অলেখ সপোন ৰচি পথাৰত ভূঁই ৰোৱে আৰু এই সপোনৰ বাস্তৱ ৰূপ ল’বলৈ আৰম্ভ কৰে। এই আহিন মাহৰে খেতিয়কৰ পথাৰখনত সোনগুটিয়ে ভৰি পৰে। খেতিয়কৰ মন আনন্দৰে নধৰা হয়। কিন্তু এনে সময়তে শস্যৰ অনিষ্টকাৰী পোক-পতংগ কিছুমানে যাতে খেতিৰ শস্য নষ্ট কৰি নোৱাৰে তাৰ বাবেও খেতিয়কসকলে এইখিনি সময়ৰ পৰাই সজাগ হয় আৰু সেইকাৰণে শস্যৰ সুৰক্ষাৰ বাবে অতীততে জুঁইৰ ব্যৱহাৰ কৰিছিল কিন্তু কালক্রমত সময়ৰ পৰিবৰ্তনৰ ফলত এই জুই কুৰাৰ স্থান ল’লে কাতি বিহুৰ দিনা – জ্বলোৱা মাটি চাকি গছে। তাৰোপৰি কাতিবিহুৰ দিনা ঘৰ-দুৱাৰ, পদুলি মুখলৈকে চাফ-চিকুন কৰা হয়। কাৰণ সেইদিনা ঘৰ, দুৱাৰ পৰিষ্কাৰকৈ ৰাখিলে লক্ষ্মীদেৱী বসতি কৰে বুলি লোক বিশ্বাস আছে।

তাৰপাছত আগ চোতাল বা ভৰাঁলৰ কাষত সুন্দৰকৈ তুলসী ভেঁটি স্থাপন কৰে আৰু ৰাতিৰ বাবে মচি পৰিষ্কাৰ কৰি তুলসী পুলি ৰোৱে। আবেলি পৰত ঘৰৰ গৃহিনীয়ে হাতত কাঁচিখন লৈ ধাননি ডৰালৈ চাই আগলতি কলপাতত যুৰিয়া তামোল-পান ধাননিলৈ আগবঢ়াই লক্ষীমিক গৃহলৈ আমন্ত্রন জনায়। বিহুৰ দিনা উপবাসে থাকি দৰিদ্ৰজনৰ প্রতি সহানুভূতি প্রদর্শন কৰে। সন্ধিয়া হোৱাৰ লগে লগে কৃষি ভূমিত আকাশ বন্তি লগাই আৰু গৃহিনী গৰাকীয়ে ঘৰৰ পদুলি মুখত ভৰাঁল, ঢেকীশাল ৰান্ধনীঘৰ, শোৱনী কোঠা আদিত বন্তি জ্বলাই আৰু তুলসী ভেঁটিতও বন্তি প্রজ্জ্বলন কৰি প্রসাদৰ শৰাই আগবঢ়ায়। তুলসীৰ তলত প্রার্থনা কৰি তুলসী দেবীৰ আৰাধনা কৰে। আকাশ বন্তিৰ পোহৰত আমাৰ উপৰিপুৰুষ সকলৰ আত্মা সৰগলৈ যাত্রা কৰে বুলি লোক বিশ্বাস আছে। তুলসী গছৰো অনেক গুণ থকা দেখা যায়। তুলসী গছে ৬৫০ ফুটলে বায়ু বিশুদ্ধ কৰি ৰাখে। হিন্দুসকলে তুলসীক দেৱ গছ বুলি ভক্তি কৰে আৰু তুলসীৰ তলত সেয়ে গোৱা হয়ঃ

তুলসী দর্শনে পুন্যং
স্পশনে পাপ নাশনং
ছায়ায়ং সর্ব্ব তীর্থানি
তুলসী দেৱী নমো নমঃ

অর্থাৎ তুলসী দর্শন কৰিলে পুণ্যলাভ হয়, হাতেৰে স্পর্শ কৰিলে সর্বপাপ নাশ হয়, আৰু তুলসীৰ ছাঁ দর্শন হ’লে সকলো তীৰ্থৰ সমান ফল লাভ হয়।