কাইলৈৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP , ১১ বজাত দোকান বন্ধ, ১২ বজাৰ পৰা সান্ধ্য আইন

কাইলৈৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP , ১১ বজাত দোকান বন্ধ, ১২ বজাৰ পৰা সান্ধ্য আইন

বাৰ্ত্তাসেবা- কাইলৈৰ পৰা ৰাজ্যত বলবৎ হব নতুন এছ অ’ পি। দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা এই নতুন এছ অ’ পি অনুযায়ী দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব দোকান–পোহাৰ। ১২ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন। পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পূৰ্বৰ যুগ্ম–অযুগ্ম সংখ্যাৰ গাড়ী চলাচলৰ নিয়মৰ লগতে আন সকলো নিয়ম প্ৰযোজ্য থাকিব। এই সময়ছোৱাৰ ভিতৰত অযথা ৰাজপথত ঘূৰি–ফুৰা কাৰ্যৰ পৰা আঁতৰি থাকিব লাগিব নাগৰিকসমাজ। অৱশ্যে, আৱশ্যকীয়/জৰুৰীকালীন সেৱাত নিৱিষ্ট ব্যক্তিসকলৰ বাবে এই আদেশ প্ৰযোজ্য নহ’ব। কালিৰ পৰা চহৰসমূহত ৯ বজাৰ পৰা ১১ বজালৈ খোলা থাকিব সুৰাৰ দোকান। আনহাতে গ্ৰাম্যাঞ্চলত ৯ বজাৰ পৰা ২ বজালৈ খোলা থাকিব সুৰাৰ দোকান।নতুন এছ অ’ পি অনুযায়ী চহৰ অঞ্চলত  ১১ বজাতে বন্ধ কৰিব লাগিব দোকানসমূহ। আবকাৰী বিভাগে জনাইছে এই তথ্য।

report- AD