কমনৱেলথ গেমছ ২০২২ৰ গ্ৰুপ খেলত ইংলেণ্ডৰ হাতত ৩-১ গ’লত পৰাস্ত ভাৰতীয় মহিলা হকী দল

Pc News18

কমনৱেলথ গেমছ ২০২২ৰ গ্ৰুপ খেলত ইংলেণ্ডৰ হাতত ৩-১ গ’লত পৰাস্ত ভাৰতীয় মহিলা হকী দল

ৰঙিলী বাৰ্ত্তাসেৱা- বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় মহিলা হকী দলটোৱে তৃতীয়খন পুল এ খেলখনত ইংলেণ্ডৰ হাতত ৩-১ গ’লত পৰাস্ত হয়। চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ হৈ একমাত্ৰ গ’লটো স্ক’ৰ কৰে বন্দনা কটাৰিয়াই। তিনিখন খেলত ৬ পইণ্টৰ সৈতে ভাৰত বৰ্তমান গ্ৰুপটোৰ তৃতীয় স্থানত আছে। আজি চতুৰ্থখন খেলত ভাৰত কানাডাৰ মুখামুখি হ’ব।