ঔপন্যাসিক আব্দুলৰাজাক গুনাহলৈ সাহিত্যৰ ন’বেল বঁটা

pc Info Dig Nigeria

ঔপন্যাসিক আব্দুলৰাজাক গুনাহলৈ সাহিত্যৰ ন’বেল বঁটা

অনলাইন বাৰ্ত্তাসেৱা – ছুইডেনৰ ষ্টকহোমৰ ছুইডিছ একাডেমীয়ে বিবৃতিযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা অনুসৰি, ঔপন্যাসিক আব্দুলৰাজাক গুনাহলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা। ছুইডিছ একাডেমীয়ে বিবৃতিত আব্দুলৰাজাক গুৰনাহৰ সাহিত্য চর্চা সন্দৰ্ভত কয়— শৰণাৰ্থীৰ জীৱনগাথা তেওঁৰ সমস্ত ৰচনাৰাজিৰ মূল আধাৰ।ন’বেল কমিটীৰ বিবৃতিত প্ৰকাশ কৰা মতে, ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ আৰু সংস্কৃতি আৰু মহাদেশৰ মাজত উপসাগৰীয় শৰণাৰ্থীৰ ভাগ্যক লৈ আপোচহীন আৰু সহানুভূতিশীল তীক্ষ্ণ বক্তব্য ৰচনাৰাজিত প্রতিফলিত কৰাৰ বাবেই তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহক ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ইংলেণ্ডত বসবাস কৰি থাকোঁতেই ২১ বছৰ বয়সত গুৰনাহে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম ভাষা তথা মাতৃভাষা যদিও স্বহিলি, কিন্তু তেওঁ সাহিত্যৰ ভাষা হিচাপে ইংৰাজী গ্ৰহণ কৰে। ইংৰাজীতেই তেওঁ সাহিত্য চৰ্চা কৰে। তেনেদৰে বিবৃতিত গুৰনাহ সন্দৰ্ভত কয়— আব্দুলৰাজাক গুৰনাহে খিলঞ্জীয়া লোকক জাগ্রত কৰিবৰ বাবে ঔপনিৱেশিক বিষয়বস্তুক প্রাধান্য দি পৰম্পৰাগতভাৱে চলি অহা বিষয়টোক নতুন দৃষ্টিভংগীৰে আগবঢ়াই নি পৰম্পৰা ভংগ কৰি দিয়ে। তেওঁৰ উপন্যাস ‘ডিজাৰচন’ত প্ৰেমৰ দণ্ডক প্ৰতিফলিত কৰি তেওঁ সেই প্ৰেমক সাম্ৰাজ্যবাদী ৰোমাঞ্চ বুলি আখ্যা দিছে। ১৯৯৪ চনত প্ৰকাশিত পেৰেডাইজ শীৰ্ষক উপন্যাসেৰে বিশ্বব্যাপী ঔপন্যাসিকৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। আব্দুলৰাজাক গুৰনাহে জন্মগ্রহণ কৰে ১৯৪৮ চনত পূব আফ্ৰিকাৰ জাঞ্জিবৰ দ্বীপত। ১৯৬৮ চনত ব্ৰিটেইনৰ এগৰাকী শিক্ষার্থী হিচাপে বসবাস কৰিবলৈ লোৱা গুনাহে ২১ বছৰ বয়সৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ গুৰনাহে নাইজেৰিয়াৰ কানোৰ বেয়েৰ’ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কাম কৰাৰ পাছত কেণ্ট বিশ্ববিদ্যালয়লৈ যায় আৰু তাতেই তেওঁ পি এইচ ডি লাভ কৰে, বর্তমান কেণ্ট বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু গ্রেজুৱেট ষ্টাডিজৰ সঞ্চালক। আফ্রিকা, কেৰিবিয়ান দ্বীপপুঞ্জ আৰু ভাৰত সম্পৰ্কীয় ঔপনিৱেশিকতাবাদৰ লগতে ঔপনিৱেশিকত্বৰ বিষয়ক প্রাধান্য দি গুৰনাহে সাহিত্য চৰ্চাত ব্যস্ত আছে।