এ পি ডি চি এলে বাতিল কৰিলে মাচুল বৃদ্ধিৰ সিদ্ধান্ত

Pc The Sentinel Assam

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকসকললৈ সাময়িক সকাহ৷ অৱশেষত গা লৰিল শক্তি বিভাগৰ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল। পৰৱৰ্তী সিদ্ধান্ত নোহোৱালৈকে বাতিল কৰিলে মাচুল বৃদ্ধিৰ জাননী। ৭৯ পইচাকৈ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছিল বিভাগে। এ পি ডি চি এলে এক জাননীৰ জৰিয়তে এই কথা জানিবলৈ দিছে।