এ.পি.এছ.চি. কেলেংকাৰীত জড়িত ৰাকেশ পালৰ জামিন লাভঃ জনালে অধিবক্তা ফিৰোজ খানে

pc The Sentinel assam

অলাইন বাৰ্ত্তাসেৱা – বিশেষ ন্যায়াধীশৰ আদালতে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত দীৰ্ঘ শুনানি হোৱাৰ পাছতে বিশেষ আদালতে উক্ত গোচৰত জামিন প্ৰদান কৰে ৰাকেশ পালক। অৱশ্যে জামিন লাভ কৰিলেও সম্প্ৰতি কাৰাগাৰতে থাকিব লাগিব এ পি এছ চি কেলেংকাৰীৰ খলনায়কজন। ভঙাগড় থানাত ৰুজু হৈ থকা এক গোচৰত এতিয়াও ৰাকেশ পালে জামিন লাভ কৰা নাই। সেই হেতু কাৰাগাৰতে থাকিব লাগিব ৰাকেশ পাল। বিশ্বস্ত সূত্ৰে জানিব পৰা মতে, ভঙাগড় থানাৰ গোচৰতো জামিন লাভৰ বাবে বাবে ৰাকেশ পালে সকলো তৎপৰতা অব্যাহত ৰাখিছে। এ পি এছ চি কেলেংকাৰীৰ সকলো তথ্যপাতি মজুত থকাৰ পাছতো ৰাকেশ পালে ইটোৰ পাছত সিটো গোচৰত জামিন লাভ কৰা পালৰ সন্মুখত এতিয়া মাত্ৰ এটাহে গোচৰ আছে।

(UD.)