এনেদৰে সূত্ৰপাত প্ৰীতি উপহাৰ
———————————————–
সংজ্ঞা দিয়াটো স্বাভাৱিক
যেন লাগিলেও অস্বাভাৱিক ।
হয়তো আপোনাৰ বাবে কাল্পনিক
আমাৰ বাবে পূৰ্ণকামী ।
আপুনি মুক হলেও আমি জানোঁ ;
গৰকা অসমত গণকে গণিবই
জনসাধাৰণ জাগিবই ।
জানোচা গতিভ্ৰষ্টবোৰে সমালোচনা কৰিবই
এয়াতো স্বাভাৱিক !
সেইদিনা অশান্ত বিবেকত জাগি উঠা
প্ৰেমৰ সহানুভূতি ।
প্ৰাণ চঞ্চলা ফাগুণী পছোৱাই আনিছিল
এক শিহৰণকাৰী অনুভূতি ।
দুচকুত চানি ধৰা বিষাদৰ অৱকাশবোৰে
চুই গৈছিল নজনাকৈয়ে ।
নিঃসংগতা বেদনা মাজতে লুকাই আছিল
হয়তো !সম্পৰ্ক অনুপ্ৰেৰণা ।
বিষাদৰ অৱকাশবোৰতে
আজিও মই ছাঁ
আজিও মই সাহস ।
খালী পকেট ফটা কামিজৰ পৰাই
আৰম্ভ হয় জীৱন যোদ্ধা ।
বোধহয়!
তাই লালসা তাড়নাত দৌৰা ভোকাতুৰ নহয় ,
তাই সফলতা তাড়নাত দৌৰা অৰ্ধ ৰণোৱা ।
আজি তাই মতলীয়া
উদাৰতা আলোকিত দৃশ্যত ।
উজাৰি দিয়া অনুভৱবোৰত বিলীন হব
কত যে সাধনা !
এনেদৰে সূত্ৰপাত প্ৰীতি উপহাৰ ।।
✍️চিম্পল শইকীয়া
প্ৰাগজ্যোতিষ কলেজ , গুৱাহাটী