অৱশেষত মাডাৰ্ছ অল্ড এজ হোমৰ উৎপল-মনিকা সংঘাতে কাষ পালেগৈ চৰকাৰৰ

pc-daily ten minuties

অৱশেষত মাডাৰ্ছ অল্ড এজ হোমৰ উৎপল-মনিকা সংঘাতে কাষ পালেগৈ চৰকাৰৰ

বাৰ্ত্তাসেৱা –  কিছুদিনৰ পৰা অসমৰ জনতাক দুখ দিয়াৰ অন্যতম এক বিষয় হৈছে মাডাৰ্ছ অল্ড এজ হোমৰ উৎপল-মনিকা সংঘাত । বহু কেইটা সংবাদ মাধ্যমত বৃদ্ধাশ্ৰমখনৰ আইতাৰ চকুলোৰ খবৰ প্ৰকাশ হোৱাৰ পিছত চৰকাৰ দৃষ্টিগোচৰ হ’ল এই বিষয় । বৃহস্পতিবাৰে এই সংঘাতৰ বুজ ল’বলৈ বৃদ্ধাশ্ৰমখনত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃদ্ধাশ্ৰমখনলৈ গৈছে বৃত্ত মন্ত্ৰীগৰাকী।বৃদ্ধাশ্ৰমখনত থকা আৱাসী তথা আইতাসকলৰ সৈতে মত বিনিময় কৰিলে বিত্ত মন্ত্ৰী গৰাকীয়ে।ভালেইকেইগৰাকী আইতাৰ ভৰি চুই আশীষ ল’লে অজন্তা নেওগে। আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত সকলো বিষয় পৰ্যবেক্ষন কৰিলে অজন্তা নেওগে ।তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে মন্ত্ৰী নেওগে।
তেওঁৰ সন্মুখত কেইবাগৰাকীও আবাসীয়ে ক’লে মনৰ কথা।মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী নেওগে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তেওঁ গৈছিল সিজুবাৰীত থকা আশ্ৰমখনলৈ। উল্লেখ যে, উৎপল-মনিকা সংঘাত কেতিয়া নিৰ্ময় হয় এয়া এতিয়াও প্ৰশ্নবোধক । আকৌ উৎপল-মনিকা একেলগে আশ্ৰমখন পৰিচালনা কৰিবনে । আইতাসকলৰ মুখত পুনৰ উৎপল-মনিকাই হাঁহি বিৰিঙাব পাৰিবনে ? এয়া এতিয়াও যেন স্পষ্ট হৈ উঠা নাই । (staff correspondent – Utpal Kalita)