এনিশা – সত্যজিৎ গগৈ

এনিশা
সত্যজিৎ গগৈ, ডিব্ৰুগড়
বাৰিষাৰ নিশাবোৰ গভীৰ হোৱাত
জোনটো গাভৰু হ’ল
কেচু কুমতিৰ তন্দ্ৰাছন্ন চিঞৰত
তেওঁ সাৰে ৰ’ল,
নাৰিকল জোপাৰ ওপৰেৰে
পাৰ হৈ গ’ল পপীয়া তৰা
চুঙা বাদুলীৰ হুৰহুৰণিত
নিদ্ৰামগ্ন স্বপ্নেৰে ভৰা,
বাটৰ কুকুৰ বোৰে
বৰকৈ ভুকে
পথালি চকুৱা সিহঁত
কিবা যেন দেখে,
কণাৰ লাখুটি ডালেৰে
আগবাঢ়ি যায়
খলা বমা পথেৰে
থৰকাছুটি হেৰাই,
আকাশৰ ডাৱৰত
বুঢ়াই কৰে খেতি
কৃষকৰ চকুত উঠে
সোণাৰুৰ হাঁহি।