এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহা

Pc Facebook

এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহাই এদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত হয়। ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে  পুৱা ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দিছপুৰ মণ্ডল সমিতিৰ অন্তৰ্গত ৭ নং বুথৰ ৰেলৱে কলনীস্থিত শ্ৰীশ্ৰী কালী মন্দিৰৰ প্ৰাংগণত আয়োজিত হৈ যোৱা “মন কী বাত” অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে পণ্ডিত দীন দয়াল উপাধ্যায় জন্মজয়ন্তী তিথি উপলক্ষে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনায়। এই কাৰ্যসূচীৰ পিছতেই ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত নৱ নিৰ্মিত কাৰ্যালয় পৰিদৰ্শন কৰে। সন্ধিয়া ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰিতুৰাজ সিনহাই দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ শাসনত অসমত সৰ্বাংগীন বিকাশৰ পথ প্ৰশস্ত হৈছে। তেওঁ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বৰ লগতে দলৰ কাৰ্যকৰ্তা কামকাজৰ শলাগ লয়।