এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ১১,০০০ তকৈও অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰা হৈছে: ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ

pc the print

এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ১১,০০০ তকৈও অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰা হৈছে: ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনত চলি থকা ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে সংঘৰ্ষগ্ৰস্ত দেশখনৰ পৰা ১১,০০০ তকৈও অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে জানিবলৈ দিয়ে। টুইটাৰযোগে মুৰলীধৰণে কয়, “অপাৰেচন গংগা পূৰ্ণ গতিত চলি আছে, এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ১১,০০০ তকৈও অধিক ভাৰতীয়ক স্থানান্তৰ কৰা হৈছে। এয়াৰএছিয়া ইণ্ডিয়া( AirAsia India)ৰ জৰিয়তে স্থানান্তৰিত নতুন দিল্লী বিমানবন্দৰত ১৭০ জনীয়া ভাৰতীয়ৰ এটা গোট লাভ কৰি সুখী। আমাৰ মিছন, বিদেশী চৰকাৰ আৰু স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ।”