এখন নদীৰ মৃত্যুত- অবিনাশ বৰা

pc Youtube

এখন নদীৰ মৃত্যুত

অবিনাশ বৰা

পাহাৰখনৰ শিলবোৰৰ ফাঁকেদি
ফণা মেলি ওলাই অহা
এডাল নীলবৰণীয়া সাপ

একাবেকা তাৰ দেহৰ ভাঁজত
প্ৰতিটো ঋতুৰ বিচিত্ৰ আৱেশ

আভিজাত্যৰ ক্লেদাক্ত নলাৰে বৈ অহা
প্ৰতিটো নিস্পন্দ উশাহক
সি বুকুত বান্ধি লৈছিল আলফুলে

ক্ৰমশ:
তাৰ মা‌ংসবোৰ শুকাই গৈছিল
হাড়বোৰ ওলাই পৰিছিল

এতিয়া সি কংক্ৰিটৰ চাদৰৰ মাজত
কুচি-মুচি সোমাই থকা এডাল
নিশ্চল সাপ।