এখন জিলাৰ বাবে আন জিলাই শাস্তি ভোগ কৰিব নালাগেঃ মন্ত্ৰী কেশৱ মহন্ত

pc The Sentinel assam

এখন জিলাৰ বাবে আন জিলাই শাস্তি ভোগ কৰিব নালাগেঃ কেশৱ মহন্ত

অনলাইন বাৰ্ত্তাসেৱা – কোভিড পৰিস্থিতি সামগ্রিকভাৱে নিয়ন্ত্রণলৈ আহিছে যদিও স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই হাতযোৰ কৰি গুৱাহাটীবাসীক চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাই। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মন্তব্য— এখন জিলাৰ বাবে আন জিলাই শাস্তি ভোগ কৰিব নালাগে। খ্রীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন. এইচ. এম.)ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কথা কোৱাৰ লগতে গুৱাহাটীবাসীলৈ আহ্বান জনাই কয়— মই হাতযোৰ কৰি সবিনয়ে অনুৰোধ জনাইছো আপোনালোক প্রত্যেকেই আমাক সহযোগ কৰক আপোনালোকৰ নিজৰ স্বাৰ্থত আৰু ৰাজ্যখনৰ স্বাৰ্থত। এই কাৰণেই সহযোগ কৰক যে আপোনালোকৰ সামান্য ভুলৰ কাৰণে গোটেই ৰাজ্যখনে শাস্তি ভোগ কৰিব নালাগে। আমি যাতে কোভিডমুক্ত ৰাজ্য হিচাপে আগবাঢ়িব পাৰো। গুৱাহাটী মহানগৰীত ১০০তকৈ কিছু কম পজিটিভ হ’লেহে শিথিলতা আগবঢ়াব পাৰিম। সেয়ে গুৱাহাটীবাসীক সম্পূৰ্ণ সহযোগ কৰিবৰ বাবে পুনৰ অনুৰোধ জনাইছো।

যিসকল লোকে প্রতিষেধক লোৱা নাই তেওঁলোকক ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত প্ৰতিষেধক দিয়া হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্রশাসনে গঠন কৰি দিয়া প্রতিনিধি দলটোৱে কোনো লোকক ঘৰত নাপালে যদিহে ব্যক্তিজনে প্রতিষেধক লোৱা নাই তেন্তে ৮৯২৯103776 নম্বৰত মিছড কল দিব পাৰিব আৰু তেতিয়া ব্যক্তিজনক ক’ত প্রতিষেধক ল’ব পাৰিব সেই কথা জনাই দিয়া হ’ব। আনহাতে মহানগৰীখনৰ প্ৰতিখন দোকান, ব্যৱসায়িক প্রতিষ্ঠান, মল আদিয়ে আগফালে প্রতিষেধক লোৱা বুলি লিখি থোৱাৰ লগতে প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ সকলোৱে দেখাকৈ আঁৰিবই লাগিব। তদুপৰি দোকানীয়ে মাস্ক পিন্ধিবই লাগিব বুলি তেওঁ প্ৰকাশ কৰে।

(UD.)