এক মিনিটৰ গল্প – “বঁটা আৰু ঠেকা” –  স্মৃতিৰেখা সোণোৱাল,নলবাৰী

এক মিনিটৰ গল্প –

“বঁটা আৰু ঠেকা”

ইন্দ্ৰেশ্বৰে জিলাখনত অনুষ্ঠিত বিভিন্ন সাহিত্য সম্বন্ধীয় মেল-মিটিংবোৰলৈ যায় , ভাষণ দিয়ে , মুখপত্ৰ , স্মৃতিগ্ৰন্থবোৰত লিখে । সেই বাবে জিলাখনৰ বহুতে তেখেতক চিনি পায় । ইন্দ্ৰেশ্বৰৰ জীৱনত এটা আক্ষেপ থাকি গ’ল – ছাত্ৰাৱস্থাত স্নাতকোত্তৰ ডিগ্ৰীটো টকাৰ অভাৱত ল’ব নোৱাৰিলে আৰু জীৱনত ডাঙৰ লেখক হ’ব নোৱাৰিলে ।
এতিয়া ইন্দ্ৰেশ্বৰৰ বয়স পয়সত্তৰ বছৰ । বিগত মাৰ্চ মাহত ইন্দ্ৰেশ্বৰৰ পত্নী মনোমতীৰ বিয়োগ ঘটিছে । ইন্দ্ৰেশ্বৰৰ সকলো লেখাৰ প্ৰথম পাঠিকা আছিল মনোমতী ।
যি কি নহওঁক , ইন্দ্ৰেশ্বৰে ডাঙৰ ডাঙৰ লেখক-লেখিকাসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি ভালপায় । কাকতত কোনোবা লেখকৰ লেখা এটা পঢ়ি ভাল পালে লেখাটোৰ গৰাকীক ফোনযোগে জনাবলৈ নাপাহৰে । এনেকৈয়ে ইন্দ্ৰেশ্বৰৰ বহু লেখকৰ স’তে এক টেলিফোনিক বাৰ্তালাপ গঢ় লৈ উঠিছে । আজৰি পৰত সেই সকলোৰে ভাল-বেয়াৰ খবৰ লয় ।
অৱসৰপ্ৰাপ্ত বেংকৰ চাকৰিয়াল ইন্দ্ৰেশ্বৰে পত্নীৰ স্মৃতিত এখন সদৌ অসম ভিত্তিত চু্টিগল্প প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ মনস্থ কৰিলে । কথামতেই কাম । পুত্ৰ-বোৱাৰীহঁতেও সহযোগ কৰিলে । জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা , বিষয়ববীয়াসকলৰ দিহা-পৰামৰ্শ ল’লে । প্ৰায়বোৰ কাকততে বিজ্ঞাপন প্ৰকাশ কৰিলে আৰু ইতিমধ্যে ফোনযোগে চিনাকি হৈ পৰা সকলো লেখক-লেখিকাকে গল্প পঠিয়াবলৈ বহুবাৰ অনুৰোধ কৰিলে ।
হাইলাকান্দিৰ মল্লিকা । ফোনযোগে চিনাকি । ইন্দ্ৰেশ্বৰৰ মুখে প্ৰতিযোগিতাৰ কথা গম পাই এটা গল্প লিখি ইন্দ্ৰেশ্বৰৰ ঘৰৰ ঠিকনাত পঠিয়াই দিলে । সেইকেইদিন ইন্দ্ৰেশ্বৰৰ লগত মল্লিকাৰ বেছ আত্মীয়তা গঢ় লৈ উঠিল । পুৱা-গধূলি এবাৰ বিপত্নীক ইন্দ্ৰেশ্বৰৰ খবৰ নল’লে মল্লিকাৰ দিনটো ভালকৈ পাৰ নহয় । তদুপৰি মল্লিকাই ইন্দ্ৰেশ্বৰক গল্প প্ৰতিযোগিতাখন কেনে হ’ব লাগে , তাৰো দিহা-পৰামৰ্শ দি যায় ।
আজিকালি ইন্দ্ৰেশ্বৰৰ সপোনত চঞ্চলা মল্লিকাই অহা-যোৱা কৰে । এই মল্লিকাজনীও যে ! ইন্দ্ৰেশ্বৰৰ মাতটো বোলে পয়ত্ৰিশ বছৰীয়া চফল যুৱকৰ দৰে । ইন্দ্ৰেশ্বৰক কোনোপধ্যে পয়সত্তৰ বছৰীয়া বুলি বিশ্বাস কৰিব নোখোজে । ইন্দ্ৰেশ্বৰৰ ৱাটছ এপৰ ডি পি ( Display Picture ) ত নিজৰ ফটো নাই , ঘৰৰ ফুলনিখনৰ দুপাহমান ফুলৰ ফটো আছে । পত্নী মৰাৰ পাছত জন্মদিনত সৰু বোৱাৰীয়েকে ব্যৱহাৰ কৰি থকা দামী ম’বাইলটো উপহাৰ দিছিল । ইন্দ্ৰেশ্বৰ দিবাস্বপ্নত বুৰ যায় । পত্নী বিয়োগৰ শোকটো কমা যেন লাগে ।
যথাসময়ত গল্প প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা কৰা হয় । মল্লিকাই প্ৰথমটো পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে । ইন্দ্ৰেশ্বৰে সুখবৰটো মল্লিকাক দিলে । মল্লিকাই ইন্দ্ৰেশ্বৰক অজস্ৰ ধন্যবাদ জনালে ।
নিৰ্দিষ্ট তাৰিখত চহৰৰ প্ৰেছ ক্লাৱত বঁটা বিতৰণৰ অনুষ্ঠান আয়োজন কৰা হ’ল । আটাইকেইগৰাকী বঁটা প্ৰাপককে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হ’ল । প্ৰথম বঁটা প্ৰাপক – মল্লিকা শৰ্মা , হাইলাকান্দি । দ্বিতীয় বঁটা প্ৰাপক – দীপক বৰুৱা , তিনিচুকীয়া । তৃতীয় বঁটা প্ৰাপক – গৰিমা চাংকাকতী , গুৱাহাটী । প্ৰত্যেককে নগদ ধন আৰু একোখন মানপত্ৰৰে বঁটা প্ৰদান কৰা হ’ল । সিদিনা মল্লিকাজনীক বেছ চঞ্চল আৰু অধিক ৰূপহী যেন লাগিল । দিনটো অতি সুন্দৰকৈ অতিবাহিত হ’ল ।
বঁটা বিতৰণৰ পাছদিনা ইন্দ্ৰেশ্বৰে মল্লিকাৰ লগত দু-আষাৰ পাতোঁ বুলিয়েই তাইৰ নম্বৰটো ডায়েল কৰিলে । প্ৰথমবাৰ ডায়েল কৰোঁতে সংযোগ সীমাৰ বাহিৰত , দ্বিতীয়বাৰ ডায়েল কৰোঁতেও সংযোগ সীমাৰ বাহিৰত , তৃতীয়বাৰো সংযোগ সীমাৰ বাহিৰত বুলি ভাঁহি আহিল । ৱাটছ এপযোগে মেচেজ এটাকে দিওঁ বুলি ইন্দ্ৰেশ্বৰে ইন্টাৰনেট সংযোগ অন কৰিলে । কালিলৈকে প্ৰফাইলত হাঁহি থকা ধুনীয়া ফটোখন আজি নাই । ডি পি উকা , একেবাৰে উকা ।
ইন্দ্ৰেশ্বৰে বুজিলে মল্লিকাই ইন্দ্ৰেশ্বৰক ব্লক কৰিছে । ইন্দ্ৰেশ্বৰে পঠিওৱা মেচেজটো কোনোদিন মল্লিকাৰ কাষ নাপালেগৈ আৰু ফোনটোও সংযোগসীমাৰ ভিতৰলৈ নাহিল ।
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০
স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ ,জিলিকনি চ’ক
নলবাৰী – ৭৮১৩৩৫
ফোন – ৯৮৫৪১২৪০২৩