একাংশ সাংবাদিকৰ কিছু কর্ম-কাণ্ডই সৎ সাংবাদিকসকলক অস্বস্তিত পেলাইছেঃ মন্ত্ৰী পীযুষ হাজৰিকা
অনলাইন বাৰ্ত্তাসেৱা – সদৌ অসম সাংবাদিক সন্থাৰ এটা সঁজাতী দলে মঙলবাৰে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰাত মন্ত্ৰীগাৰাকীয়ে ফেচবুক পেজ আৰু ৱেব পৰ্টেল সম্পৰ্কত শীঘ্ৰেই বিশেষ ব্যৱস্থা গ্ৰহণ বুলি ইংগিত দিয়ে। অসমত এতিয়াও বহু সৎ সাংবাদিক থকাৰ কথা উল্লেখ কৰি একাংশ সাংবাদিকৰ কিছু কর্ম-কাণ্ডই সাংবাদিকসকলক অস্বস্তিত পেলাইছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰিবৰ্তে, অসমৰ সাংবাদিকৰ কল্যাণৰ হকে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে মন্ত্ৰী হাজৰিকাই। সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰে। এই বিবৃতি অনুসৰি, অসমৰ সাংবাদিকসকলৰ জীৱন- জীৱিকাৰ নিশ্চিত নিৰাপত্তা সন্দৰ্ভত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত আলোচনা কৰাৰ লগতে সাংবাদিকৰ পেন্সন, বিশেষ সাহায্য আৰু ‘এক্রিডিটেচন কার্ড’ সম্পৰ্কতো আলোচনা কৰা হয়। উল্লেখযোগ্য যে সাংবাদিক সংগঠনটোৱে সাংবাদিকৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মন্ত্ৰীসভাত বিশেষভাৱে আলোচনা কৰিবলৈও মন্ত্রী হাজৰিকাক আহ্বান জনোয়। ইয়াৰ লগতে সাংবাদিক নিগ্ৰহৰ ঘটনা ৰোধ কৰা সম্পর্কতো তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীৰ লগত সন্থাই আলোচনা কৰে বুলি জানিবলৈ দিছে।