এআইডিএছঅ’ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ উচ্চ তদন্ত বিচাৰি প্ৰতিবাদ

এআইডিএছঅ’ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ উচ্চ তদন্ত বিচাৰি প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি সকলো দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰা আৰু এন টি এ বিলোপ কৰা , চি ইউ ই টি বাতিল কৰা, নীট ইউ জি আৰু ইউজিচিৰ নেট পৰীক্ষাৰ কেলেংকাৰীক লৈ উচ্চ পৰ্যায়ৰ তদন্ত দাবীত আজি এ আই ডি এছ অ’ ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত এক ছাত্ৰ বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। শতাধিক ছাত্ৰ ছাত্ৰীয়ে “এন টি এ বাতিল কৰক, গুৱাহাটী ংবিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰক, চি ইউ ই টি বাতিল কৰক, জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰক, নীট ইউজি আৰু নেট পৰীক্ষাৰ কেলেংকাৰীৰ বিচাৰবিভাগীয় তদন্ত কৰক , জে ই ই পৰীক্ষাৰ বেমেজালি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ ব্যৱস্থা কৰক “আদি শ্লোগানেৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে। উলুবাৰী ভলভ পইন্টত আয়োজিত ছাত্ৰ বিক্ষোভ থলীত এক প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়। এ আই ডি এছ অ’ৰ ৰাজ্যিক উপসভাপতি মহিবুল ইছলামৰ পৰিচালনাত আয়োজিত সভাত ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে কয় যে সৰ্বভাৰতীয় ভিত্তিত আয়োজিত মেডিকেল প্ৰৱেশ পৰীক্ষা ( নিট ইজি) দুৰ্নীতিমুক্ত বুলি কেন্দ্ৰীয় চৰকাৰে যি দাবী কৰিছিল সেয়া উক্ত পৰীক্ষাৰ ফলাফলত ব্যাপক কেলেংকাৰীৰ যোগেদি ভূৱা বুলি প্ৰমাণিত হৈছে। তেওঁ নিট ইউজি, নেট পৰীক্ষা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ বিচাৰবিভাগীয় তদন্ত ক্ৰমে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া আৰু ভুক্তভোগী ছাত্ৰ-ছাত্ৰীক ন্যায় দিয়াৰ দাবী জনায়। সংগঠনৰ ৰাজ্যিক সভাপতি প্ৰজ্বল দেবে কয় যে সম্প্ৰতি সমগ্ৰ দেশতেই পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনাসমূহে সকলো শুভ বুদ্ধি সম্পন্ন ৰাইজক স্তম্ভিত কৰি তুলিছে। ছাত্ৰ সমাজক যেন এক অন্ধকাৰ দিশৰ ফালে ঠেলি দিছে। যি সময়ত সমগ্ৰ দেশৰ মানুহক নীট -ইউ জি আৰু নেট পৰীক্ষাৰ কেলেংকাৰীৰে উত্তাল হৈ পৰিছে এই সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীয়ে ৰাজ্য বাসীক বিমোৰত পেলাইছে। স্নাতক স্তৰত কলেজসমূহত ভৰ্তিৰ বাবে সৰ্বভাৰতীয় ভিত্তিত চি ইউ ই টি পৰীক্ষা বাধ্যতামূলক কৰা হৈ আছে। আনপিনে সৰ্বভাৰতীয় ভিত্তিত ইঞ্জিনিয়াৰিং প্ৰবেশ পৰীক্ষা পদ্ধতিত ( জে ই ই) বিভিন্ন আঁসোৱাহ পৰিলক্ষিত হৈছে। এই সকলোবোৰ সংগঠিত হৈছে জাতীয় শিক্ষানীতি-২০২০ অনুসৰি শিক্ষাৰ ব্যক্তিগতকৰণ আৰু কেন্দ্ৰীয়কৰণৰ প্ৰক্ৰিয়া চূড়ান্ত ৰূপ দিয়াৰ স্বাৰ্থত। উচ্চ শিক্ষা ক্ষেত্ৰত বিভিন্ন ভৰ্ত্তি পৰীক্ষাৰ কেন্দ্ৰীয়কৰণৰ ফলত ক’চিং চেন্টাৰৰ ৰমৰমীয়া ব্যৱসায়ীকৰণ হৈ আছে। এনে পৰীক্ষা নীতিৰ জৰিয়তে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী সম্পূৰ্ণ ৰূপে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব। জাতীয় শিক্ষা নীতিৰ আওঁতালৈ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে শিক্ষা নীতি সমূহ সলনি কৰি উচ্চ শিক্ষাত ভৰ্তিৰ ক্ষেত্ৰত এন টি এ দৰে এক ব্যক্তিগত সংস্থাৰ ওপৰত দ্বায়িত্ব অৰ্পণ কৰিলে। যিটো অত্যন্ত অগণতান্ত্ৰিক আৰু শিক্ষা বিৰোধী। আমি অতি শীঘ্ৰে এন টি এ বাতিল কৰি নিজাববীয়াকৈ ৰাজ্য চৰকাৰ সমূহৰ তত্ত্বাৱধানত ভৰ্ত্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাও। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ তদন্ত কৰি আৰু নীট -ইউ জি আৰু নেট পৰীক্ষাৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী ব্যক্তি সকলক শাস্তি প্ৰদান কৰাৰ দাবী জনাওঁ।