উশাহ — মিতু ভূঞা

উশাহ
এটি‌ নতুন দিনৰ
নতুন আৰম্ভনি
‌‌নতুন মনৰ নতুনত্বৰ
মাথোন এটি
সৰু আৰম্ভনি ।
থমকি ৰৈ থাকিবলৈ
নাই সময় হাতত
নাই সময় নাই
লোৱা দীঘল কৈ
এটি সুভাষ সুময়
উশাহ মাথোন উশাহ
দিয়া আগুৱাই খোজ
যোৱা আগুৱাই তুমি
কৰা এটি নতুন দিনৰ
শুভ আৰম্ভনি
ৰৈ থাকিবলৈ সময় নাই
দূৰ দিগন্ত লৈ বৈ
যাক মাথোন তোমাৰে
সুভাষ তোমাৰেই নাম
‌‌মাথোন তোমাৰেই কাম ।
লোৱা এটি উশাহ
যোৱা তুমি আগুৱাই
যোৱা তুমি আগুৱাই।
এটি নতুন দিনৰ আৰম্ভনি
এটি নতুন মনৰ , নতুন আশা
নতুনত্বৰ আৰম্ভনি ।
লোৱা এটি উশাহ
মাথোন উশাহ ।

মিতু ভূঞা