উদ্বোধন কৰা হয় দিল্লী মেট্ৰ’ৰ নজফগড়-ধনচা বাছ ষ্টেণ্ড কৰিডৰ

pc The Indian Express

উদ্বোধন কৰা হয় দিল্লী মেট্ৰ’ৰ নজফগড়-ধনচা বাছ ষ্টেণ্ড কৰিডৰ

অনলাইন বাৰ্ত্তাসেৱা – দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিল্লী মেট্ৰ’ৰ গ্ৰে লাইনৰ নজফগড়-ধনচা বাছ ষ্টেণ্ড সম্প্ৰসাৰণ উদ্বোধন কৰে। প্ৰতিবেদন অনুসৰি, প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ নজফগড়-ধনচা বাছ ষ্টেণ্ড শাখাই মেট্ৰ’খন নজফগড়ৰ আৰু অধিক ভিতৰুৱা অঞ্চললৈ লৈ যাব বুলি জানিব পৰা গৈছে। এই শাখাটো মুকলি হোৱাৰ লগে লগে, দিল্লী মেট্ৰ’ পৰিসীমা এতিয়া ২৮৬ টা ষ্টেচনৰ সৈতে ৩৯০ কিলোমিটাৰ বিস্তৃত হৈ পৰিছে।

(UD.)