উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ ৰুদ্ধদ্বাৰ বৈঠক

উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ ৰুদ্ধদ্বাৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্হা আৰু সদৌ অসম ছাত্ৰ সন্থা(AASU) ৰ সহযোগত মহানগৰীৰ পানবজাৰস্থিত হোটেল প্ৰাগকন্টিনেন্তেলত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ উক্ত সভাত নেছ’ৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্ৰাচাৰ্য, নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৱৰা, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, উপ-সভাপতি বিপুল ৰাভা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা কে প্ৰমুখ্যে উত্তৰ পূবৰ আটাইকেখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি সকলসহ প্ৰায় ৩৫ জনমান লোক উপস্থিত থাকে৷ সভাখনত উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশ সমস্যাৰ ওপৰত দৃষ্টিপাত কৰা হয়।লগতে আলোচনা কৰা হয় যে ত্ৰিপুৰাত ৪০ লাখ জনসংখ্যাৰ ভিতৰত মাত্ৰ ১৩ লাখ লোকহে খিলঞ্জীয়া আৰু বাকী সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰী, অনুৰূপ অৱস্থা মেঘালয় ও হ’বলৈ গৈ আছে। অৰুণাচল প্ৰদেশত একেই অৱস্থাৰ স্ৰোত বৈছে।অসমত সেয়ে বিদেশী নাগৰিকৰ সমস্যা শীঘ্ৰেই সমাধান নহ’লে ই ভয়ংকৰ সমস্যা হ’ব বুলি সভাই মত পোষণ কৰে লগতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ইনাৰ লাইন পাৰমিট থকা ৰাজ্য বিলাকত যদি ‘কা’ আইন বেয়া তেনেহ’লে অসম আৰু ত্ৰিপুৰাৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ব৷অসম ত্ৰিপুৰাতো ‘কা’ বাতিল হ’ব লাগিব বুলি নেছৰ উপদেষ্টা জনে দাবী তোলে ৷অবৈধ প্ৰবজনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নেছৰ দাবী উথ্থাপন৷মণিপুৰৰ সমস্যাক লৈ আজি উপস্থিত থকা সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ নেছ’ৰ নেতা সকল উদ্বিগ্ন। অলপতে নেছৰ এক প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰি আহি অভিজ্ঞতা বৰ্ণনা কৰে সভাৰ মাজত লগতে মেইটে আৰু কুকিৰ মাজত পুনৰ শান্তি প্ৰতিষ্ঠাৰ বিষয়টো আগবঢ়ায় নিয়াৰ সমাধান সূত্ৰৰ বিষয়ে আলোচনা কৰে।শোৱনশিৰি নদীবান্ধ যে এক অবিবেচক চিন্তাৰ ফচল এই কথা স্পষ্ট আৰু বৰ্তমান শুকাই যোৱা নদীস্ৰোত প্ৰমাণ বুলি সভাই উল্লেখ কৰে। উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীয় চৰকাৰৰ লুন্ঠনৰ বাবেহে সেই কথা স্পষ্ট বুলি উল্লেখ কৰা হয়। অলপতে অৰুণাচল প্ৰদেশৰ খেলুৱৈক কিয় ভিছা প্ৰদান কৰা নহ’ল সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰে নেছৰ নেতৃবৃন্দই৷