উত্তৰ-পূৰ্বাঞ্চলৰ দিব্যাংগজনৰ “দিব্য কলা শক্তি-২২” সাংস্কৃতিক অনুষ্ঠান ১৭ ডিচেম্বৰত গুৱাহাটিত

Pc Youtube

উত্তৰ-পূৰ্বাঞ্চলৰ দিব্যাংগজনৰ “দিব্য কলা শক্তি-২২” সাংস্কৃতিক অনুষ্ঠান ১৭ ডিচেম্বৰত গুৱাহাটিত

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দিব্যাংগজন সকলৰ বাবে “দিব্য কলা শক্তি-২০২২” সাংস্কৃতিক অনুষ্ঠানটি অহা ১৭ ডিচেম্বৰ,২০২২ তাৰিখে গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। সেই মৰ্মে উৰিষ্যাৰ স্বামী বিবেকানন্দ ৰাষ্ট্ৰীয় পুনঃসংস্থাপন প্রশিক্ষণ তথা অনুসন্ধান সংস্থা (SVNIRTAR) ক উক্ত অনুষ্ঠানটি অনুস্থিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে দায়িত্ব অৰ্পন কৰিছে। উক্ত অনুষ্ঠানত বিশেষ ভাবে সক্ষম শিশু তথা যুৱ শিল্পী সকলক তেওঁলোকৰ সুপ্ত প্রতিভা যেনে- নৃত্য, গীত, চিত্রশিল্প, নাটক আদি বিভিন্ন দিশত ব্যক্তিগত বা সমুহীয়া (গোট) প্ৰদৰ্শনৰ লগতে বিকাশৰ সুবিধা দিয়া হব। ইচ্ছুক দিব্যাংগ শিশু আৰু যুব শিল্পীসকলে উক্ত অনুষ্ঠানত অংশ গ্ৰহন কৰিবৰ বাবে সবিশেষ নিয়মাবলী জানিবলৈ ১৪৩৭১- ৮৩৭৭০ আৰু ৭০০৮১-৭৫৮৭০ দূৰভাষ নম্বৰ দুটিত যোগাযোগ কৰিব পাৰিব। অসমৰ দিব্যাংগজন সকল আৰু দিব্যাংগসকলৰ হৈ কাম কৰি থকা সকলো সংস্থাকে উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰিবলৈ অসম প্ৰতিবন্ধী আয়ুক্ত দেবেশ্বৰ বৰাদেৱে আহবান জনাইছে।