উত্তৰ-পূব সীমান্ত ৰেলৱেই গুৱাহাটী-নতুন দিল্লী ছুপাৰফাষ্ট এক্সপ্ৰেছ নামৰ বিশেষ ৰেলখন চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰে

pc ANI News

উত্তৰ-পূব সীমান্ত ৰেলৱেই ৰেলযাত্ৰীৰ সুবিধার্থে গ্ৰহণ কৰে গুৱাহাটী-নতুন দিল্লীৰ মাজত বিশেষ ৰেল চলাচলৰ সিদ্ধান্ত। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, ০৪০৩২/০৪০৩১ নম্বৰৰ নতুন দিল্লী-গুৱাহাটী-নতুন দিল্লী দ্বি-সাপ্তাহিক ছুপাৰফাষ্ট এক্সপ্ৰেছ বিশেষ ৰেলখন বিশেষ ৰেল হিচাপে চলাচল কৰিব।০৪০৩২ নম্বৰৰ নতুন দিল্লী-গুৱাহাটী ছুপাৰফাষ্ট এক্সপ্ৰেছ বিশেষ ৰেলখন অহা ২৫ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বুধবাৰ আৰু ৰবিবাৰে নতুন দিল্লীৰ পৰা নিশা ১১.৪৫ বজাত যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৮.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ আনহাতে ওভতনি যাত্ৰাৰ সময়ত ০৪০৩১ নম্বৰৰ গুৱাহাটী-নতুন দিল্লী ছুপাৰফাষ্ট এক্সপ্ৰেছ বিশেষ ৰেলখনে অহা ২৮ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রতি বুধবাৰ আৰু শনিবাৰে গুৱাহাটীৰ পৰা পুৱা ৬.১৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১২.৩৫ বজাত নতুন দিল্লীত গৈ উপস্থিত হ’ব। ৰেলকেইখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰেলৰ ৱেবছাইটত উপলব্ধ থাকিব৷ আনহাতে, নিজ নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত ৰেলযাত্ৰীসকলে সংশ্লিষ্ট ৰাজ্যখনত বাহাল থকা স্বাস্থ্যজনিত কোভিড প্ৰট’কল মানি চলিব লাগিব।