উত্তৰ পুর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ

Pc The Statesman

উত্তৰ পুর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে অৰুণাচল প্রদেশত আয়ুস খণ্ডৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ কথা ঘােষণা কৰে। উত্তৰ পূর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়ণৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অংশবিশেষে কেন্দ্রীয় মন্ত্রীজনাই এই পদক্ষেপ গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে। অৰুণাচল প্রদেশৰ পাচিঘাটস্থিত উত্তৰ পুব আয়ুর্বেদ আৰু লােক ঔষধি গৱেষণা প্রতিষ্ঠানত কেন্দ্রীয় মন্ত্রীজন আজি ৫৩.৭২ কোটি টকা বিনিয়ােগেৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্রহণৰ কথা ঘােষণা কৰে। এই গৱেষণা প্রতিষ্ঠান প্রাংগনতে ৩০ খন আসনযুক্ত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় আৰু ৬০ খন বিচনাযুক্ত এখন নতুন আয়ুর্বেদিক চিকিৎসালয় স্থাপনৰ পদক্ষেপ গ্রহণৰ কথাও ঘােষণা কৰে। লগতে এই প্রক্রিয়াৰে প্রত্যক্ষভাৱে অতিৰিক্ত ৮৬ টা নিয়ােগ সৃষ্টি হ’ব বুলি তেওঁ কয়। ভৱিষ্যতে এই স্থানত এটা শিক্ষাতনিক গৃহ, এটা ছাত্রাবাস, এটা ছাত্রীবাস আৰু এটা ক্রীড়া গৃহ স্থাপন কৰাৰাে পৰিকল্পনা আছে বুলি তেওঁ কয়। সংবাদ মাধ্যমক সম্বােধন কৰি কেন্দ্রীয় মন্ত্রী সােণােৱালে কয় যে লােক ঔষধ হ’ল পৰম্পৰাগত বিশ্বাস আৰু শুকনি প্রক্রিয়াৰ সংমিশ্রণ। উত্তৰ পূৰ্বাঞ্চলত লােক ঔষধৰ এক শক্তিশালী প্রচলন বৰ্ত্তি আছে যাক বিজ্ঞানসন্মতভাৱে অথবা বৈদিক যুগৰ পৰাই প্রচলন হৈ অহা এই ঈশ্বৰ প্রদত্ত ঔষধ সমুহৰ সংৰক্ষণ আৰু শ্ৰীবৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছাে। ইয়াৰ বাবে মই এই অঞ্চলত এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাটাল স্থাপনৰ উদ্যোগ লবলৈ পাই আনন্দিত হৈছে। ইয়াৰ জৰিয়তে আমাৰ পৰম্পৰাগত ঔষধি জ্ঞান সমুহৰ বিকাশ হােৱাৰ লগতে আয়ুর্বেদিক প্রতিষ্ঠানখনে ইয়াৰ শ্ৰীবৃদ্ধিত বিশেষ উদগণি যােগাব। আয়ুস খণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপ সমুহৰ প্রসংগত সােনােৱালে কয় যে অঞ্চলটোত আয়ুর্বেদিক মহাবিদ্যালয়সমুহ শক্তিশালী কৰণৰ উপৰি আঞ্চলিক কেঁচা দৰব প্রস্ততকাৰী দ্ৰব্যৰ ভড়াল আৰু সংগ্রহালয়, আধুনিক বিশ্লেষণাত্মক সঁজুলিৰ সুবিধা আধুনিক পঞ্চকর্ম চিকিৎসা আৰু গৱেষণা কেন্দ্ৰ আৰু পেৰামেডিকেল শিক্ষণ কেন্দ্র স্থাপনৰাে পৰিকল্পনা গ্রহণ কৰা হৈছে। নতুনকৈ উত্তৰ পুব আয়ুর্বেদ আৰু লােক ঔষধী গৱেষণা প্রতিষ্ঠান হিচাপে নামাকৰণ কৰা উত্তৰ পুৱ লােক ঔষধি প্রতিষ্ঠান ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনত এক স্বতন্ত্র প্রতিষ্ঠান। প্রায় ৪০ হেক্টৰ ভূমিৰে আগুৰা এই প্রতিষ্ঠানটো ভাৰত চৰকাৰে ২০০৮ চনৰ ২১ ফেব্ৰুৱাৰীত কেন্দ্রীয় কেবিনেটত অনুমােদন জনাই স্থাপন কৰিছিল। প্রতিষ্ঠানটো উত্তৰ পুর্বাঞ্চলক বিশেষ প্রাধান্য প্রদানৰে দেশৰ লাভালাভৰ বাবে পৰম্পৰাগত স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে স্থাপন কৰা হৈছিল। প্রতিষ্ঠানটোৱে শেহতীয়াভাৱে উত্তৰ পূবক গুৰুত্ব প্রদানেৰে বিশেষকৈ অৰুণাচলক কেন্দ্ৰ কৰি আয়ুর্বেদ পদ্ধতিৰ বিভিন্ন বিভাগসমুহৰ উন্নয়ন প্রকল্প গ্রহণ কৰিছে। এই পদক্ষেপ সমুহৰ ভিতৰত স্থানীয় স্বাস্থ্য বিধান, শুকনি জ্ঞান, পৰম্পৰাগত জ্ঞান সমূহৰ ভিত্তিত থেৰাপি জনিত দ্ৰব্যৰ উন্নয়ণ, আই পি আৰ আইনৰ জৰিয়তে পৰম্পৰাগত জ্ঞানৰ সুৰক্ষা, সংৰক্ষণ আৰু পৰম্পৰাগত পদ্ধতি সমুহৰ বহনক্ষম ব্যৱহাৰ আৰু জৈৱ বিভিন্নতা আদি অন্যতম।