ভনী,
তই হয়তো ভাবিছ
তোৰ চিঠিখন পোৱা নাই বুলি !
উত্তৰ বাৰু দিওঁ
কেনেকৈ ?
সঁচাকৈয়ে মোৰ সময়ৰ অভাৱ।
দূপৰীয়াৰ প্ৰসৰ ৰ’দ
মূৰত লৈ গৈছোঁ
এবাৰ এফালে আৰু
আনফালে এবাৰ
কিমানৰ কটু কথা
শুনাৰ পাছতো
যে আগবাঢ়িছোঁ।
মই তোক কথা দি আহিছোঁ
ভনী,
তোৰ মুখৰ হাঁহি উজলাম বুলি,
কিন্তু কেনেকৈ জনাওঁ ?
আজিৰ পৃথিৱীত
কথাৰ ফুলজাৰিৰ যুগত
আমাৰ বাবে জীয়াই থকাৰ
এটি সৰু
সংস্থানো নাই।