উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Pc Awaz The Voice

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে গর্ভপাত সম্পৰ্কত এটা ঐতিহাসিক ৰায় দিয়ে।উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টোত কোৱা হৈছে যে মহিলাসকলৰ গৰ্ভপাত কৰোৱাৰ সম্পূর্ণ অধিকাৰ আছে।ইয়াত তেওঁলোকৰ বৈবাহিক স্থিতিয়ে কোনোধৰণৰ প্ৰভাৱ নেপেলায়।ন্যায়ালয়ে ৰায়টোত কয় যে নতুন মেডিকেল টার্মিনেশান অব প্রেগনেন্সি আইন আৰু নিয়ম অনুসৰি বিবাহিত বা অবিবাহিত যিকোনো মহিলাৰ গৰ্ভধাৰণৰ ২৪ সপ্তাহৰ ভিতৰত নিৰাপদ আৰু আইনীভাৱে গর্ভপাত কৰোৱাৰ অধিকাৰ আছে। ন্যায়ালয়ে কয়— সকলো বিবাহিত বা অবিবাহিত মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে সুৰক্ষিত তথা আইনীভাবে গর্ভপাত কৰোৱাৰ অধিকাৰ আছে।গর্ভপাত আইনৰ অধীনত বিবাহিতা আৰু অবিবাহিতা মহিলাৰ মাজত ভেদভাৱ কৰাটো সাংবিধানিকভাবে সঠিক নহয়।কেবল বিবাহিতা মহিলাইহে যৌন সম্পর্ক স্থাপন কৰিব পাৰে বুলি থকা ধাৰণাই সংরক্ষণবাদী মনোভাবত উদগনি যোগায়। ন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাদিবালা আৰু ন্যায়াধীশ এ এছ বোপান্নাক লৈ গঠিত বিচাৰপীঠে এই ৰায় দিয়ে।বিচাৰপীঠৰ মতে, ‘গর্ভপাত আইনৰ অধীনত বিবাহিতা আৰু অবিবাহিতা মহিলাৰ মাজত পক্ষপাতিত্ব কৰাটো প্রাকৃতিকভাৱে তথা সাংবিধানিকভাবে উচিত নহয় আদালতে লগতে কয় যে বিবাহিতা মহিলাও যৌন আতিশয্য আৰু বলাৎকাৰৰ বলি হোৱাসকলৰ আওতালৈ আহিব পাৰে।বলাৎকাৰৰ অর্থ হ’ল কোনো মহিলাৰ সৈতে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সম্পর্ক স্থাপন কৰাটো।এগৰাকী বিবাহিতা মহিলা তেওঁৰ নিজৰ সন্মতিৰ অবিহনে স্বামীয়ে কৰা যৌন সম্পৰ্কৰ ফলত গৰ্ভৱতী হ’ব পাৰে।উল্লেখযোগ্য যে এগৰাকী ২৫ বছৰীয়া অবিবাহিতা মহিলাই ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাত কৰোৱাৰ অনুমতি, বিচাৰি জনোৱা আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে।দিল্লী উচ্চ ন্যায়ালয়ে যোৱা ১৬ জুলাইত তেওঁৰ আৱেদন খাৰিজ কৰিছিল।ইয়াৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।