ইন্দোৰত ১,১০০ ৰো অধিক শিশু তীব্ৰ পুষ্টিহীনতাত ভুগিছে

pc- ZEE5

ইন্দোৰত ১,১০০ ৰো অধিক শিশু তীব্ৰ পুষ্টিহীনতাত ভুগিছে

অনলাইন বাৰ্ত্তাসেৱা- জিলা উপায়ুক্ত মনীষ সিঙে কয় মধ্যপ্ৰদেশৰ ইন্দোৰত ১,১০০ তকৈও অধিক শিশু তীব্ৰ পুষ্টিহীনতাত ভুগি আছে। তেওঁ লগতে কয়, “আমি তেওঁলোকক তিনি মাহৰ ভিতৰত পুষ্টিহীনতাৰ পৰা উলিয়াই আনিম আৰু এই প্ৰৱণতা প্ৰতিহত কৰিবলৈ পদক্ষেপ লম।” জিলা প্ৰশাসনে বিষয়টোক লৈ কেইবাটাও বৈঠক অনুষ্ঠিত কৰিছে। ইন্দোৰৰ মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া বি এছ চেতিয়াই কয় যে এইটো সাধাৰণতে গ্ৰাম্য অঞ্চলত অধিক হয়।