ইতিহাস হোৱাৰ দিশে ৰেডিঅ’

ইতিহাস হোৱাৰ দিশে ৰেডিঅ’

ৰঙিলী বাৰ্ত্তাসেৱা-  ইতিহাস হোৱাৰ দিশে ৰেডিঅ’।৩১ ডিচেম্বৰত সম্পৰ্ণৰূপে বন্ধ হৈ যাব আকাশবাণীৰ মিডিয়াম ৱেভ প্ৰেৰক যন্ত্ৰ।গুৱাহাটীস্থিত আকাশাবাণী কেন্দ্ৰৰ মিডিয়াম ৱেভ প্ৰেৰক যন্ত্ৰ আগন্তুক ৩১ ডিচেম্বৰৰ পৰা বন্ধ হৈ যাব।২০২২ চনৰ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰটোৰক শাখাৰ সেৱা এফ এম চেনেলটো (মহাবাহু) আৰু মোবাইল এপত উপলব্ধ কৰা হ’ব।আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰটোৰ ট্ৰেন্সমিটাৰটোৱে মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত অৰ্থাৎ ৭২৯ কিল’হাৰ্টজ কম্পনাংকত এক বিশাল ভৌগোলিক অঞ্চললৈ সেৱা আগবঢ়াই আহিছিল।জানিব পৰা মতে এ এম প্ৰেৰণৰ বাবে প্ৰেৰক যন্ত্ৰৰ মেৰামতিৰ ব্যয় বৃদ্ধি হৈ আহিছে।সেয়েহে আকাশবাণীয়ে এ এম প্ৰেৰক যন্ত্ৰৰ ৬ টা যন্ত্ৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আকাশবাণীৰ এই সিদ্ধান্তই এতিয়া সচেতন ৰাইজৰ চকু কপালত তুলিছে।এই সিদ্ধান্তক মানি ল’ব বিচৰা নাই আকাশবাণীৰ শ্ৰোতাই।