ইণ্ডিয়া ইন্টাৰনেচনেল ডান্স ফেডিকেল-২০২৩ সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দৰ্পণ ডান্স একাডেমীৰ স্বত্ত্বাধিকাৰী ওডিছী নৃত্যপটিয়সী ড° অঞ্জনাময়ী শইকীয়া আৰু ভুৱনেশ্বৰৰ সংস্কৃতিকীৰ শ্যামহৰি চক্ৰৰ উদ্যোগত যোৱা ২০ আৰু ২১ মে’ত অনুষ্ঠিত হয় ইণ্ডিয়া ইণ্টাৰনেচনেল ডান্স ফেষ্টিৱেল ২০২৩। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দুদিনীয়া এই নৃত্যমহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। কথক নৃত্যগুৰু বিপুল দাস আৰু সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে বস্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা নৃত্য মহোৎসৱটিত ২০২২ বৰ্ষৰ বাবে নির্বাচিত ‘আই আই ডি এফ ফিউচাৰ ফেচ’বঁটাৰে সন্মানিত বিভিন্ন নৃত্যক্ষেত্ৰৰ উদীয়মান নৃত্যশিল্পী সকলক বঁটাসমূহ প্রদান কৰা হয়। অনুষ্ঠানত কথক নৃত্য ক্ষেত্ৰখনত প্ৰদৰ্শন কৰা অসাধাৰণ পাৰদৰ্শিতাৰ বাবে বি পাল্কী আৰু সৃষ্টি ভট্টাচাৰ্য, ভৰত নাট্যমত ভায়’লিনা ঠাকুৰীয়া আৰু দীক্ষিতা কলিতা আৰু সত্ৰীয়া নৃত্যশৈলীত হিমাশ্ৰী ৰয় আৰু আৰিষা শ্বেখক এই বঁটা প্ৰদান কৰে কথক নৃত্যগুৰু বিপুল দাস, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পী শাৰদী শইকীয়া, কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মোহিনীআট্টম নৃত্যপটিয়সী কলামণ্ডলম শ্ৰীজা আৰ কৃষ্ণণে। পদ্মশ্ৰী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু যতীন গোস্বামীদেৱেও অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠব বঢ়ায়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধ্ৰুপদী, লোকনৃত্য আৰু সৃষ্টিশীল নৃত্যৰ যুৱ নৃত্যশিল্পীসকলে মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই ৰ ভটনাট্যম নৃত্যাংগনা কান্তী শ্যাম, পুণেৰ কথক নৃত্যশিল্পী অনাইতা মেহতা, মুম্বাইৰ ভটনাট্যম শিল্পীদ্বয় শ্যামল পাৱৰ আৰু সমিধা মণ্ডৰ সিন্ধে, ওড়িষ্যাৰ ওডিছী নৃত্যশিল্পীদ্বয় ৰাজেশ্বৰী নায়ক আৰু ৱিকী শৰ্মা, কেৰালাৰ মোহিনীআট্টম নৃত্যপটিয়সী কলামণ্ডলম শ্রীজা আৰ কৃষ্ণন আৰু পশ্চিমবংগৰ শান্তিনিকেতনৰ ৰবীন্দ্ৰ নৃত্যশিল্পী শ্রেয়া মহন্তয়ো অনুষ্ঠানত অংশগ্ৰহণ কৰি নৃত্য প্ৰদৰ্শন কৰি কলাপ্রেমীসকলক আপ্লুত কৰে।