ইউক্ৰেইনৰ ওপৰত একপক্ষীয়ভাৱে ৰাছিয়াৰ সামৰিক অভিযানৰ সমালোচনা এছইউচিআইৰ

pc BLoomberg.com

ইউক্ৰেইনৰ ওপৰত একপক্ষীয়ভাৱে ৰাছিয়াৰ সামৰিক অভিযানৰ সমালোচনা এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনৰ ওপৰত একপক্ষীয়ভাৱে  ৰাছিয়াৰ সামৰিক অভিযানৰ তীব্ৰ সমালোচনা কৰি এছ ইউ চি আই (চি) দলৰ সাধাৰণ সম্পাদক কমৰেড প্ৰভাস ঘোষে এক প্ৰেছ বিবৃতি যোগে কয়-এটা বিশেষ সেনা অভিযানৰ নামত ইউক্ৰেইনৰ ওপৰত সাম্ৰাজ্যবাদী ৰাছিয়াৰ মিলিটাৰী আক্ৰমণৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। আমেৰিকাৰ নেতৃত্বত ’নাটো’য়ে পূব ইউৰোপৰ বেছি ভাগ দেশৰ ওপৰতে যিহেতু নিয়ন্ত্ৰণ প্ৰতিস্থা কৰিছে, গতিকে প্ৰতিযোগী শক্তি হিচাপে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ  প্ৰতিস্থাৰ বাবেই এই আক্ৰমণ।বিভিন্ন দেশৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰতিস্থাৰ বাবে আমেৰিকান সাম্ৰাজ্যবাদ আৰু ৰাছিয়ান সাম্ৰাজ্যবাদৰ বিৰোধেই এই যুদ্ধ পৰিস্থিতিৰ সৃষ্টি কৰিছে ,যিটো বিশ্ব শান্তিৰ পক্ষে বিপদজনক ।তাৰোপৰি দেশৰ ভিতৰত অস্বাভাৱিক নিবনুৱা সমস্যা , ছাটাই , দাৰিদ্ৰ আদি সমস্যাৰ বাবে জনসাধাৰণৰ তীব্ৰ আন্দোলনৰ মুখত পৰি এই দুয়োখন সাম্ৰাজ্যবাদী দেশে জনগণৰ দৃষ্টি আইনফালে ঘুৰাই দিয়াৰ উদ্দেশ্যে যুদ্ধ , যুদ্ধৰ উন্মাদনা আৰু উৎকট জাতীয়তাবাদৰ সৃষ্টি কৰিছে।আমি অবিলম্বে ৰাছিয়া চৰকাৰৰ এই আগ্ৰাসন বন্ধ কৰাৰ দাবী জনাইছোঁ আৰু এই আগ্ৰাসনৰ বিৰূদ্ধে প্ৰতিবাদ জনাবলৈ বিশ্বৰ জনগণৰ প্ৰতি আবেদন জনাইছোঁ।