আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ধিং কাণ্ডৰ দুই পলাতক অভিযুক্তই
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰিলে ধিঙৰ দলৱদ্ধ বলাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্তই। ধিঙৰ নাবালিকা ছাত্রীক দলবদ্ধ ধর্ষণ কাণ্ডৰ দুই পলাতক পাষণ্ডক নগাঁও আৰক্ষীয়ে বিচাৰি নাপালেও দুই পলাতক অভিযুক্ত ক্রমে ফৰিদুল ইছলামক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আৰু গোলাপ উদ্দিনক মৰিগাঁও জিলাৰ পৰা আনি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমর্পণ কৰালে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক আৰু সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আলী আহমেদে। ধিঙৰ নাবালিকা ছাত্ৰীক দলবদ্ধ ধর্ষণ কাণ্ডৰ দুই অভিযুক্তই নাগালেণ্ডৰ ডিমাপুৰ আৰু মৰিগাঁৱত আত্মগোপন কৰি আছিল। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ দুই অভিযুক্তৰ । ৰাজ্যৰ স্মার্ট আৰক্ষীয়ে যোৱা ১৬ দিনে ধৰিব নোৱাৰা ধিং ধর্ষণ কাণ্ডৰ দুই পলাতক অভিযুক্তই সোঁশৰীৰে আহি আৰক্ষীৰ ওচৰত ধৰা দিয়া ঘটনাক লৈ ৰাইজে আৰক্ষীক সমালোচনা কৰাও পৰিলক্ষিত হয়। সম্প্রতি দুয়োকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে জেৰা অব্যাহত ৰাখিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এইপর্যন্ত কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য প্রকাশ কৰা নাই। উল্লেখযোগ্য যে ধিঙৰ নাবালিকা ছাত্রীক দলবদ্ধধৰ্ষণ কাণ্ডৰ এই দুজন অভিযুক্তই আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল। ঘটনাটোৰ আন এজন মূল অভিযুক্ত তফাজ্জল ইছলামক আৰক্ষীয়ে ঘটনাৰ এদিন পাছতেই গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁক লৈ ঘটনাস্থলীলৈ যোৱাৰ সময়তে ২৩ আগষ্টৰ মৃত্যু হয়। তফাজ্জুলৰ অস্বাভাৱিক মৃত্যুৰ পাছত আতংকিত হৈ পৰে পলাতক অভিযুক্ত দুজনৰ পৰিয়ালবৰ্গ। তেওঁলোকে পাছত অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতৃত্বৰ সৈতে আলোচনা কৰি ফৰিদুল আৰু গোলাপ উদ্দিনক আৰক্ষীক গতাই দিয়াৰ সিদ্ধান্ত লয়। নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কার্যালয় চৌহদত সাংবাদিকৰ আগত সদৰী কৰে গোলাপ উদ্দিন আৰু ফৰিদুলৰ ভাতৃদ্বয়ে। ইপিনে, দুই অভিযুক্তৰ আত্মসমর্পণত আগভাগ লোৱা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আলী আহমেদে কয় যে তেওঁলোকে অভিযুক্তদ্বয়ৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি গোলাপ উদ্দিনক মৰিগাঁৱৰ পৰা আৰু ফৰিদুল ইছলামক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আনি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত চমজাই দিছে। সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতাদ্বয়ে কয়- আমি অভিযুক্ত দুজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰিছিলোঁ। প্রথমে পৰিয়ালৰ লোকে অভিযুক্ত দুজন এনে দুষ্কাৰ্যৰ লগত জড়িত নহয় বুলি কৈছিল। তেতিয়া আমি কৈছিলোঁ তেওঁলোক কিয় পলাই আছে। পাছত আৰক্ষী আৰু পৰিয়ালৰ লগত আলোচনামর্মেই অভিযুক্ত দুজন পৃথকে পৃথকে পলাই থকা মৰিগাঁও আৰু ডিমাপুৰৰ কাৰাগাৰৰ সমীপৰ ঘৰৰ পৰা তেওঁলোকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিওঁ। তেওঁলোকে আৰু কয়- আমি দোষীয়ে কঠোৰ শাস্তি পোৱাটো বিচাৰোঁ। আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰক। যদি আটকাধীন লোককেইজন আৰক্ষীৰ তদন্তত দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকে আইন অনুযায়ী কঠোৰতম শাস্তি পাওক। কিন্তু আমি তেওঁলোকৰ আৰক্ষীৰ হাতত মৃত্যু হোৱাটো বিচৰা নাই। ইপিনে, অভিযুক্ত দুজনৰ মাতৃয়ে তেওঁলোকৰ পুত্র দোষী নহয় বুলি দাবী কৰে। লগতে কয়- সিহঁতে পুলিচৰ ভয়তে পলাই ফুৰিছিল। এতিয়া আমি লৈ আহি পুলিচক চমজাই দিছোঁ। উল্লেখযোগ্য যে যোৱা ২২ আগষ্টৰ সন্ধিয়া ধিং আৰক্ষী থানাৰ অন্তৰ্গত ভকতগাঁও বৰভেটী পথত টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত এগৰাকী চৈধ্য বছৰীয়া না বালিকা ছাত্রীক তিনিজনীয়া লম্পটৰ দলে ধৰ্ষণ কৰি মুমূর্ষু অৱস্থাত পথৰ দাঁতিৰ জংঘলত পেলাই দিছিল। সেই ঘটনা পোহৰলৈ অহাৰ পাছত সিদিনা সন্ধিয়াৰ পৰাই ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰতি বাদত ধিং উত্তাল হৈ পৰিছিল। ধিং বন্ধ ধর্ণা, অনশন, প্রতি বাদী সমদল আদিৰে ধিং আঞ্চলিক ছাত্র সন্থা, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ সমিতি আৰু স্থানীয় ৰাইজে ধাৰাবাহিক বিক্ষোভ অব্যাহত ৰাখিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ২৩ আগষ্টত স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্ৰকাশ কৰি অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতম শাস্তি বিহাৰ কথা ঘোষণা কৰিছিল। আনহাতে সিদিনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম আৰক্ষীৰ সঞ্চালক প্রধান জিপি সিং নিজেই ধিঙলৈ আহি পৰিস্থিতিৰ বুজ লৈ নাবালিকা ধর্ষণ কাণ্ডৰ অপৰাধীক অতিশীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।