আহিন, শৰৎ আৰু শেৱালিৰ এক অভিন্ন সম্বন্ধ – প্ৰিয়ম ৰাগিণী

আহিন, শৰৎ আৰু শেৱালিৰ এক অভিন্ন সম্বন্ধ

প্ৰিয়ম ৰাগিণী,ডিব্ৰুগড়

চোতালৰ শেৱালিজোপা ফুলিছে।চৌদিশে সুগন্ধি বিয়পিছে।সুদূৰৈত নৈৰ পাৰত অথবা কাৰোবাৰ বাৰীৰ ঢাপত  কঁহুৱা ফুলিছে শুধবগা হৈ।মোহনীয় শৰতৰ আগমনৰ বতৰা লৈ শান্ত সমাহিত বতাহজাকে কৈ গৈছে কলোৰে কাণে কাণে যেন

 ‘কঁহুৱা বন অশান্ত মন আলফুলে দুহাতেৰে লোৱা সাৱটি’

শৰৎ আহিল।সুগন্ধি বিলাই।।আহিবই।কোনেও ৰখাব নোৱাৰে।প্ৰকৃতি সলনি হয় ঋতু সলনি হয়।চিৰাচৰিত নিয়মক প্ৰকৃতিয়ে অন্তত উলংঘা নকৰে।মানুহৰ কথা সুকীয়া।মানুহ সলনি হয়।মন পৰিৱৰ্তন হয়।শাৰদীয় দুৰ্গোৎসৱৰ বতৰা লৈ এখোজি দুখোজিকৈ পৰিৱেশত প্ৰৱেশ কৰিলেহি আহিনীয়া শৰতৰ শাৰদীয় মা দেৱী দুৰ্গতিনাশিনী।আৰু নো কেইদিন আছে?পল পল লহমা অতিক্ৰমি সেই সময়ো সমাগত প্ৰায়

 ‘যা দেৱী সৰ্বভূতেষূ
সৰ্বমংগল্যে শিৱে সাধিকে
ওঁম……

এক আধ্যাত্মিক পৰিৱেশ, ধূপ ধূনা ঢাক ঢোলৰ মায়াময় পৰিৱেশ… এই আহিবলগীয়া সময়খিনিৰ কথা এইমুহূৰ্তত ভাবিয়ে ভাল লাগিছে ।

বৰ্তমানৰ পৰিস্থিতিবোৰ বৰ প্ৰত্যাহ্বাপূৰ্ণ হৈ উঠিছে সমাজখনৰ বাবে।সমাজত ঘটি থকা কোনোটো ঘটনা পৰিঘটনাই আমাৰ মানৱকুলৰ বাবে ভাল হৈ ধৰা দিয়াহি নাই।চ’ছিয়েল মিডিয়াতে হওক লাগিলে প্ৰিন্ট মিডিয়াতে হওক বা ডিজিটেলিও আমি যিকোনো ঘটনা ঘটি থকা সময়তে আমাৰ চকুৰ আগত দেখি থকাৰ যি প্ৰক্ৰিয়া হৈ আছে সেয়া দেখিলে বাস্তৱিকতে আনন্দোৎসৱত ভাগ ল’বলৈ যোৱাৰ পৰা বিৰত থাকিবলৈকে মন যায়।যেন ঘৰৰ ভিতৰত সোমাই থাকিলেই নিৰাপদ হৈ থাকিম আমিবোৰ!এনে অনুভৱেহে মনটোক জোকাই যায়।সি যি কি নহওক মানৱসৃষ্ট ঘটনা পৰিঘটনাবোৰ কিয় হৈ আছে সেয়া আমি বিভিন্ন সময়ত বিভিন্নধৰণেৰে বিশ্লেষণ কৰি চাওঁ।নিজেও জানো কিয় হৈ আছে এইবোৰ?এক প্ৰতিযোগিতামুখৰ সময়ে সকলোকে যেন শেষ কৰি পেলাইছে এফালৰপৰা।পাহৰি গৈছোঁ মানৱীয়তাবোধ।পাহৰি গৈছে সকলোৱে মৰম, আন্তৰিকতা, সহনশীলতাবোৰ।সফলতাৰ দিশে এখোজ দিয়াৰ দিশেৰে মানুহ ধাবিত হৈছে যদিও কোনোবাখিনিত মানুহ অসফল হৈছে ।নিজৰ স্বাৰ্থখিনিকহে প্ৰাধান্য দিয়াৰ বাবে কোনোবাখিনিত মানুহ নামৰ প্ৰজাতিটো উজুতি খাইছে।মানুহ দানৱলৈ পৰ্যবসিত হৈ পৰিছে।এইবোৰৰ অৱসান ঘটাবলৈকে যেন মৰ্তত মা মহিষমৰ্দিনী দেৱী দূৰ্গাৰ আগমন।অতি প্ৰাচীন কালৰপৰাই দুষ্টক দমন সন্তক পালনৰ যি ৰীতিৰে দুৰ্গা দেৱীৰ পূজাঅৰ্চনাৰে শান্তি প্ৰতিষ্ঠাৰ ধাৰা বৰ্তি আছে সেই একে আশাৰে আজিও  আমি আশাবাদী।শান্তি প্ৰতিষ্ঠা হওক অসম মূলুকত।সমাজত।অসূয়া অপ্ৰীতিবোৰ অৱসান হওক।প্ৰকৃতিয়ে স্ৰজন কৰা  প্ৰকৃতিৰ নৈসৰ্গিক,নান্দনিক সকলো সৌন্দৰ্যসুধা এটি সুন্দৰ মন লৈয়ে পান কৰক সকলোৱে।সুন্দৰ মনৰ মানুহেহে প্ৰকৃতিক সুন্দৰ দেখিব।অসুৰে আসুৰিক প্ৰকৃতি পৰিগ্ৰহ কৰিব।কিমানযে  সুন্দৰ প্ৰকৃতিখন।ভগৱানে আমাক স্ৰজন, পালন সকলো কৰিছে।আমি কেৱল মনক সুন্দৰ ৰূপত উপস্থাপন কৰি সেইবোৰ সৌন্দৰ্য সুধা পান কৰিব লাগে।দানৱীৱ গুণ পৰিহাৰ কৰি মানৱীয় গুণ লালন কৰি আমি প্ৰকৃত মানুহ হোৱাৰ কছৰৎ কৰাই শ্ৰেয়।

শেৱালিৰ সুবাস ল’বলৈ মনটোকো আমি জানো সজাই ল’ব নালাগিব?কঁহুৱাৰ শুধবগা ৰূপ দৰ্শন কৰিবলৈ আমি এপলক হ’লেও মনটোক বুজনি দিব লাগিব।মনৰ দিগন্তৰেৰে ভাল বেয়া বিচাৰ কৰিব পৰাজনহে প্ৰকৃত মানুহ।মনৰ দিগন্তৰে ঢুকি পোৱাকৈ কি ভাল কৰিছোঁ কি বেয়া কৰিছোঁ তাক নিজেই অনুধাৱন কৰিব পৰাজনহে প্ৰকৃত মানুহ।কিন্তু সমাজত কি ঘটি আছে এইবোৰ?কিমান যে সৰু ডাঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য!ভাবিলেই আচৰিত লাগে।মানুহবোৰৰ হৈছে কি?আমি হতবাক হৈ পৰিছোঁ।কেৱল তোক মাৰি মই খাওঁ।

সলনি হওক মনৰ পৰিধি।সলনি হওক মানুহবোৰ।এই মুহুৰ্তত তাকেই কলোঁ…

কিন্তু প্ৰকৃতি?প্ৰকৃতিও সলনি হয়।বান পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ  এই সকলোবোৰেই কোবাই যায় পৰিৱেশত।কিন্তু তথাপিও মাটিৰ লগত সম্পৰ্কিত গছ বনবোৰ সেই একেই ৰূপত  যথাসময়ত নিজৰ ৰূপ পৰিগ্ৰহ কৰে।যথাসময়ত কঁহুৱাবোৰ ফুলি উঠে।শেৱালিবোৰ ফুলি উঠে।শাওনৰ ক্লেদাক্তময় পৰিৱেশ সামৰি আহিনীয়া সেউজ শ্যামলী পথাৰে কৃষকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে।আঘোণলৈ অধীৰ আগ্ৰহেৰে বাট চায়।পথাৰ, চোতাল, ভঁড়াল সোনালী ৰঙেৰে সমৃদ্ধ হোৱাৰ কামনাৰে সপোন দেখি থাকে।আশাত বন্দী মানুহ।আশাত বন্দী জীৱন।আশাই জীৱন।আশাই বুকুত জীৱনক সঞ্চাৰ কৰে।কৰ্ম কৰিবলৈ প্ৰেৰণা যোগায়।

সৌ দূৰত পাখি কোবাই বতা চৰাইবোৰ উৰি যায়।গাখীৰতী হ’ব খোজা সেউজীয়া কঠীয়া সাৱটি শৰালি হাঁহবোৰো উৰি ফুৰে ইফালৰপৰা সিফাললৈ।বগলীবোৰৰ পাখিবোৰ হেঙুলীয়া ৰ’দৰ ৰহণ লাগি জিকমিকাই উঠে।ৰ’দমুকুতা  হে যেন লাগি থাকে পাখিত।কিচিৰমিচিৰ কৰি শালিকাবোৰেও দেও দি দি পাখি কোবাই আনন্দত আত্মহাৰা হৈ উঠে।কিমান যে কথা সিহঁতৰ।যেষেই নহ’ব যেন কথা।নিজৰ ভাষাৰেই বুজাই দিয়ে প্ৰেম প্ৰণয়ৰ কথাবোৰ ।আত্মীয়তাৰ কথাবোৰ।অথচ আমি মানৱ সমাজেহে নুবুজোঁ।সিহঁতৰপৰা শিক্ষা নলওঁ।নিজৰ মাজতেই খোৱা কামোৰা  কৰি হত্যা হিংসাক আগস্থান দি বিক্ষিপ্ত ঘটনাৰ ৰূপ দি পৰিৱেশ বিশৃংখল কৰি পেলাওঁ।বিনষ্ট কৰি পেলাওঁ।প্ৰকৃতিৰাজ্যৰ পৰা মানুহে শিকিবলগীয়া বহু আছে। বহু আছে এতিয়াও…মনবোৰক সন্তুলিত কৰি এবাৰ হলেও, এপলক হলেও নিজক বিলীন কৰি তোলকচোন সকলোৱে ।কৃত্ৰিমতাক পৰিহাৰ কৰি মানুহ মানুহ হোৱাৰ কছৰৎ কৰি জগতত শান্তি প্ৰতিষ্ঠাৰ মূলমন্ত্ৰ শিককচোন সকলোৱে।ভাল লগা সময়বোৰক নিজৰ কৰি ল’বলৈ যত্ন কৰিব লাগে আমি সকলোৱে।

আহিন মাহ মোৰ বৰ প্ৰিয়।নিজৰ জন্ম মাহ বাবেও কিবা ভাললগা অনুভূতি এখিনিত জাহ গৈ থাকোঁ।এই সময়খিনি অত্যধিক গৰমো নহয় ঠাণ্ডাও নহয়।ভাললগা সুন্দৰ সমাহিত সময়।পৰিৱেশলৈ সুন্দৰ সমীৰে যেন শুভবাৰ্তা কঢ়িয়াই আনে ।শুভবাৰ্তা মানেই শাৰদীয় দুৰ্গোৎসৱলৈ অপেক্ষা কৰি থাকোঁ।বতৰ ফৰকাল।মূৰৰ ওপৰৰ আকাশখনো ফটফটীয়া।নীলা বগা চমকা ডাৱৰবোৰে আনন্দত ইফালৰপৰা সিফাললৈ  ভাহি ফুৰে।ভাল লাগে।ভাল লগা নান্দনিকতাই বিৰাজ কৰে চৌদিশ।ৰিবৰিব বতাহ এচাটিয়ে গা শীতল কৰি থৈ যায়।অৱশ্যে অলপ গ্ৰীষ্মতাৰ পৰিমাণ এতিয়াও কমা নাই ।তথাপিও আহিন আহিছে।শৰৎ আহিছে।ভাললগা সময় এখিনিয়ে আহি পৰিৱেশত ভুমুকি মাৰিছেহি।কবি সাহিত্যিকৰ কাপেৰে নিগৰিছে শৰতৰ গান ,শৰতৰ কবিতা, শৰতৰ বিভিন্ন লেখা।আচলতে সকলো সৃষ্টিশীল মানুহৰ সৃষ্টিকৰ্মৰে সমৃদ্ধ হোৱাৰ সময় এয়া।

এই সময় শেৱালিৰ সময়।নিশা ফুলা শেৱালিপাহ পুৱা হোৱাৰ লগে লগেই বৃন্তচ্যুতা হৈ যেন দুবৰিৰ সৈতে কথোপকথনত লিপ্ত  হৈ উঠে। কিমান যে কথা।স্নিগ্ধ নিয়ৰ মুকুতা লাগি জিলিকি থাকে দূৰৈৰপৰা।সুগন্ধিৰ অহংকাৰেৰে গৰ্বিতা শেৱালি।শেৱালি হেনো অভিশপ্তা।শৰতৰ শেৱালিৰ মোহনীয় ৰূপৰ অন্ত নাই।কোনোবা ষোড়শী গাভৰুৰ কৰণি শুৱাই শেৱালি পাহবোৰে যেন বহু কথা কৈ যায়।অভিন্ন সম্বন্ধ শৰৎ আৰু শেৱালিৰ।যেন ইটো নহ’লেই সিটোৰো নহয়।

‘নিয়ৰসনা দুবৰি
পদূলিভৰা শেৱালি
নৈৰ কাষৰ সেই
শুধবগা কঁহুৱা
আৰু যে কত কি
কৈ জানো শেষ কৰিব পাৰি’

শুভ্ৰতা চাৰিওফালে।শেৱালি কঁহুৱা নুফুলিলে হয়তো শৰতো নাহিব।শৰত আহিলে শেৱালি কঁহুৱা সকলো ফুলিব।চৰাইবোৰ আপোনপাহৰা হ’ব।শৰতৰ সেয়াই মহিমা।

শৰতৰ শাৰদীয় সময়খিনিৰ কথা কৈ শেষ কৰিব নোৱাৰি।শৰতে পৰিৱেশত ভুমুকি মৰাৰ লগে লগেই যেন সকলোৰে সকলো আয়োজন।আধাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱাৰ সময় এয়া। ঢাক ঢোল ধূপ ধূনাৰ সুগন্ধিময় সময়লৈ অপেক্ষা

‘যা দেৱী সৰ্বভূতেষু……

আহক আমি সকলোৱে এই সময়খিনিক শেৱাল পাহৰ সুগন্ধৰ দৰেই সুগন্ধিময় কৰি তোলো।

মনৰপৰা মচি পেলাওঁ কলীয়া ডাৱৰবোৰ।শুধবগা কঁহুৱাৰ স্বচ্চততাৰ দৰেই কৰি তোলো মনবোৰো।দানৱ নাশি মানৱৰ জয়গান গাওঁ মুক্ত চিন্তা চেতনাৰে।