আল-কায়দাই আমেৰিকাত ৯/১১ৰ পুনৰাবৃত্তি ঘটাব পাৰে বুলি আশাংকা

pc- The New York Times

আল-কায়দাই আমেৰিকাত ৯/১১ৰ পুনৰাবৃত্তি ঘটাব পাৰে বুলি আশাংকা

অনলাইন বাৰ্ত্তাসেৱা- আল-কায়দাই আফগানিস্তান পুনৰ তালিবান ক্ষমতালৈ অহাৰ লগে লগে দেশখনত সক্ৰিয়তা বৃদ্ধি কৰিবলৈ লৈছে। এক প্ৰতিবেদন অনুসৰি এক-দুই বছৰৰ ভিতৰতে আল-কায়দাই আফগানিস্তানত শক্তি বৃদ্ধি কৰি আমেৰিকাৰ মাটিত আক্ৰমণ চলাব পাৰে। আমেৰিকাত ৯/১১ৰ পুনৰাবৃত্তি ঘটাব পাৰে ওছামা বিন লাডেনৰ উত্তৰসুৰী সকলে।দেশখনৰ সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়াৰেও এই আশংকা ব্যক্ত কৰিছে। এক আলোচনাত সেনাগৰাকীয়ে কয় যে আফগানিস্তানৰ বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰিলে আশংকা কৰিব পাৰি যে আগন্তুক দুই বছৰৰ ভিতৰত আল-কায়দাই আমেৰিকাত আক্ৰমণ চলাব।