আলবিদা মাহে ৰমজান – ইকবাল হুছেইন

আলবিদা মাহে ৰমজান

 ইকবাল হুছেইন, মৈৰাবাৰী

চাওতে চাওতেই পৱিত্ৰ ৰমজান মাহ বিদায় বেলাত উপনিত হৈছে। মাজত মাত্ৰ কেইটামান দিন পিছতেই আমাৰ পৰা দীৰ্ঘ এটা বছৰৰ বাবে বিদায় মাগিব ৰমজান মাহে। পিছে এবাদতৰ বসন্তকাল মাহে ৰমজানত আমিবোৰে কিমানখিনি আল্লাহৰ এবাদত-বন্দেগী কৰিব পাৰিছোঁ সেইটোহে বিচাৰ্য্যকৰ বিষয়। অহা বছৰ যদি এই ৰমজান মাহ আমাৰ নচীব নহয় তেন্তে সেয়া আমাৰ বাবে (বিষেশকৈ যিসকলে চলিত ৰমজান মাহত আল্লাহৰ এবাদত-বন্দেগী নকৰি, মনে মনে ভাবি আছিল যে অহা বছৰ মনেপ্ৰাণে পৰমেশ্বৰৰ উপাসনা কৰিব) তেওঁলোকৰ বাবে দুৰ্ভাগ্যৰ কথা হ’ব। উল্লেখ্য যে মহান আল্লাহে মুছলমান সকলক ৰমজান মাহটো উপহাৰ হিচাপে দিছিল যাতে মুছলমান সকলে গোটেই মাহজুৰি তেওঁৰ এবাদত কৰি নিজকে শুদ্ধ, পৱিত্ৰ কৰিব পাৰে কিন্তু পৰিতাপৰ বিষয়ঃ বহু মুছলমানেই ৰমজান মাহক অৱহেলা কৰিলে। প্ৰণিধানযোগ্য যে, ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম হৈছে ৰমজানৰ ৰোজা। যি মাহত বিশ্বব্যাপী মুছলীম সকলে উপবাসে থাকি ছিয়াম অৰ্থাৎ ব্ৰত পালন কৰাটো নিয়ম। সেহেতু ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি মুছলমান সকলে ত্ৰিশ দিনলৈ ৰোজা পালনৰ দৰে কঠিন সাধনা কৰে। প্ৰত্যেক প্ৰাপ্তবয়স্ক তথা সুস্থ মুছলীম ব্যক্তিৰ ওপৰত ৰমজানৰ ৰোজা পালন কৰাটো ফৰজ অৰ্থাৎ অপৰিহাৰ্য্য পালনীয় কৰ্তব্য, অৱশ্যে অসুস্থ, গৰ্ভৱতী, ডায়েবেটিক ৰোগী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত সেয়া শিথিল কৰা হৈছে। উল্লেখ্য যে, ৰোজা বা ব্ৰত হ’ল ছুবেহ ছাদিকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰ পানাহাৰ, পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা পাপ কামৰ পৰা বিৰত থকা। সেয়ে আল্লাহৰ অনুগ্ৰহ প্ৰাপ্তৰ এই ৰমজান মাহত মুছলীম সকল অধিক ইবাদত কৰি থাকে, কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতৰ ছওয়াব বা পূণ্য বহুগুণে বঢ়াই দিয়া হয়। ৰমজানৰ মাহৰ গুৰুত্ব আৰু মৰ্যদা বৃদ্ধি পোৱাৰ আৰু এটা কাৰণ হৈছে, ৰমজানৰ ২৬ দিনৰ ৰাতিত মহান আল্লাহে তেওঁৰ ঐশ্বৰিক গ্ৰন্থ পৱিত্ৰ ক্বোৰআন অৱতীৰ্ণ কৰিছিল আৰু ঘোষনা কৰিছিল য়ে, ক্বোৰআন অৱতীৰ্ণ হোৱাৰ এই ৰাতিটো হাজাৰ মাহতকৈ উত্তম। এই ৰাতি ইবাদত কৰিলে হাজাৰ মাহৰ ইবাদতকৈও অধিক ছওয়াব বা পুণ্য লাভ কৰিব। আনহাতে ৰমজান মাহৰ শেষৰ দিন অৰ্থাৎ আৰবী শ্বাওয়াল মাহৰ জোন দেখা গ’লে উক্ত শ্বাওয়াল মাহৰ ১ তাৰিখে মুছলীম সকলে অতি আনন্দচিত্তে পৱিত্ৰ ঈদ উল ফিতৰ পালন কৰিব। মছজিদ আৰু ঈদগাহ সমূহক আটকধুনীয়াকৈ সজাই-পৰাই তাত সমূহীয়া ঈদৰ নামাজ পঢ়িব, যিটো মুছলীম সকলৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ মাজত এটা। সমন্বয়, সম্প্ৰীতিৰ উৎসৱ ঈদ উল ফিতৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পৰস্পৰে পৰস্পৰক ঈদৰ শুভেচ্ছা বিনিময় কৰাৰ লগতে নতুন নতুন কাপোৰ পৰিধান কৰি, চুৰ্মা-আতৰ লগাই, ইজনে সিজনৰ লগত আলিঙ্গন কৰিব আৰু ঈদৰ অন্যতম প্ৰিয় খাদ্য চেৱৈৰ জুতি ল’ব। প্ৰকৃতাৰ্থত এয়াই হৈছে ৰমজানৰ বৈশিষ্ট্য আৰু এয়াই হৈছে বিদায় মূহুৰ্ততত ৰমজানে দি থৈ যোৱা উপহাৰ। শেষত পুনৰাই আলবিদা মাহে ৰমজান।