আমি কোনোদিনে হ’ব নোৱাৰিলোঁ মানুহ…
মানৱী জনম লৈও আমি
কোনোদিনে হ’ব নোৱাৰিলোঁ মানুহ।
আমাক কোনোবাই সুধিব
মানুহৰ সংজ্ঞানো কি
জীৱশ্ৰেষ্ঠ বুলিও চিনাকি দিও
যাৰ চিন্তা আৰু কৰ্মবোৰ
হয় পশুতকৈও অধম।
মানুহ যদি হয়
অশান্তি-হিংসা আঁতৰাই
অসূয়া-অপ্ৰীতি গুচাই
দুৰ্নীতি -অনীতি নথকাকৈ
আমি থাকিব লাগিছিল মিলিজুলি।
মানুহ যদি হয়
নঘটিলেহেঁতেন যুদ্ধবোৰ
অস্ত্র-শস্ত্র লৈ
মানুহক হত্যা কৰি
কিৰিলি পাৰি নুঠিলেহেঁতেন
আৰু জন্ম নহ’লেহেঁতেন দস্যুবোৰ।
আইন-কানুন লেঠাবোৰ
নহয় যেন সৃষ্টি
কেঁচা তেজ কেঁচা মঙহ
পান কৰিবলৈ
উৎসাহিত নহ’লোহেঁতেন
আৰু নাথাকিলেহেঁতেন
নাৰীৰ প্ৰতি লুলোপ দৃষ্টি।
কোনোদিনে দেশ আৰু ধৰ্মক লৈ
খোৱা-কামোৰা লাগি নাথাকিলেহেঁতেন
কোনোদিনে সীমা-সম্পত্তিক লৈ বাদ-বিবাদ কৰি
বৰ্বাদ নকৰিলোহেঁতেন
সেই দুৰ্লভ জীৱন।
আমি হ’ব নোৱাৰিলোঁ সঁচাকৈ
কোনোদিনে মানুহ।
নন্দেশ্বৰ মিলি
নগাঁও,অসম