আমাৰ অসম – উৰ্বশী কাশ্যপ

pc TravelTriangle

আমাৰ অসম

উৰ্বশী কাশ্যপ

গছ-গছনি, পাহাৰ-ভৈয়াম
অৰণ্য, হ্ৰদ, জলাশয়,
নদী, সাগৰ, হিমালয় পৰ্বত
আমাৰ ভাৰত সকলোতকৈ আগত।
ভাৰত দেশৰ অসম ৰাজ্যত
কলা-সংস্কৃতিৰ মিলনৰ স্থলত
থাকো মই সকলোৰে লগত
ভাৰত দেশৰ এইখন ৰাজ্যত।
কওঁ শুনা অসমৰ কথা
অসমত সকলোৰে আছে একতা
পাহাৰ-ভৈয়ামৰ লোক, জাতি-জনজাতি
সকলোৰে লগত আছে মিলাপ্ৰীতি।
বিহু অসমৰ জাতিয় উৎসৱ
অসম শংকৰী সংস্কৃতিৰ স্থল,
মাজুলী সত্ৰ বৰপেটা সত্ৰ
অসমত আছে বহু ধৰ্মীয় স্থল।
অসমতে হ’ল জনম মোৰ
অসমী হ’ল মোৰো আই,
অসমতে থাকিম ওৰেটো জীৱন
সুখ-দুখ, স্নেহ সকলো ভগাই।