আমচাং বাগিচা কুৰকুৰিয়া প্ৰাথমিক বিদ্যালয়ত গছ পুলি ৰোপন

আমচাং বাগিচা কুৰকুৰিয়া প্ৰাথমিক বিদ্যালয়ত গছ পুলি ৰোপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ দিশপুৰৰ সমীপৰ কুৰকুৰিয়াস্থিত আমচাং বাগিচা কুৰকুৰিয়া প্ৰাথমিক বিদ্যালয়ত আজি “হেল্প এইড ফাউণ্ডেশ্যন”ৰ উদ্যোগত “ডা: নৱ গোস্বামী ফাউণ্ডেশ্যন”ৰ সহযোগত কুৰকুৰিয়া গাঁৱখনিৰ চৌপাশ ফুল গছৰে ওপচাই পেলাবৰ বাবে ভিন ভিন থলুৱা ফুল গছ ৰোপণ কৰা হয় । হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা অধিবক্তা অঞ্জুলিনা দেৱচৌধুৰীয়ে আঁত ধৰা সভাখনিত “প্ৰতিদিন টাইম”ৰ বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, দীপক শৰ্মা আৰু অভিযন্তা নয়ন পাঠকে অতিথি হিচাপে অংশ লয় । সভাত পাতলী মুৰাৰী, আইতি কৰ্মকাৰ, নিৰু কৰ্মকাৰ, সাবিত্ৰী মুৰাৰী, চামেলী কৰ্মকাৰ, মৰমী ৰাজবংশী খাৰিয়াই স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে গাঁৱখনিৰ উন্নয়নৰ কাৰণে লোৱা প্ৰচেষ্টাক বখানে । অনুষ্ঠানটিয়ে ৬ কিলোমিটাৰ পথৰ দুয়োফালে ২ হেজাৰ ফুল গছৰ পুলি ৰোপণ কৰাৰ লগতে আৰ-বেৰ দিয়ে।