আফগানিস্থানত তালিবানৰ নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি

pc- Al Jazeera

আফগানিস্থানত তালিবানৰ নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি

অনলাইন বাৰ্ত্তাসেৱা– মাৰ্কিন সেনাই আফগানিস্তান ত্যাগ কৰাৰ পাছত কাবুলত তালিবানে নতুন চৰকাৰ গঠনৰ প্রস্তুতি চলাইছে। তালিবানৰ মুখপাত্ৰ এজনে কয় যে প্রস্তাৱিত নতুন চৰকাৰত আফগানিস্তানৰ সকলো জনজাতিকে প্রতিনিধিত্ব প্ৰদান কৰা হ’ব। তালিবানে শ্বুৰা কাউন্সিলৰ সহায়ত দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰিব বিচাৰিছে সূত্ৰই প্ৰকাশ কৰে। তালিবানে এজন প্রধানমন্ত্ৰীৰ নেতৃত্বত আফগানিস্তানক শাসন কৰিব বিচাৰে৷ ইৰানৰ আৰ্হি অনুকৰণ কৰি দেশখনত এজন সর্বোচ্চ ধর্মীয় নেতা নিযুক্তি দিয়াৰ বিষয়েও এটা পক্ষই যুক্তি দাঙি ধৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি তালিবানৰ শাসনত শ্বৰা কাউন্সিলেই হ’ব সর্বোচ্চ ক্ষমতাৰ অধিকাৰী। তালিবানৰ মুৰব্বী শ্বেখ   হিবাতুল্লাহ অখুন্দজাদা দেশখনৰ সৰ্বোচ্চ ধর্মীয় নেতা হ’ব বুলি সূত্ৰটোৱে কয়। আফগানিস্তানৰ প্রধানমন্ত্ৰীক ‘ৰইছ উল-ৱাজিৰা’ বুলি কোৱা হ’ব। প্রধানমন্ত্ৰীৰ নেতৃত্বত এখন কেবিনেটো থাকিব। কেবিনেটে শ্বুৰা কাউন্সিলৰ অধীনত কাম কৰিব লাগিব। মন কৰিবলগীয়া যে ‘শ্বুৰা’ হৈছে এটা আৰবী শব্দ৷ এই শব্দটোৰ অৰ্থ হৈছে পৰামৰ্শ প্রদান কৰা সমিতি। বিশ্বৰ কোনো ইছলামিক ৰাষ্ট্ৰতে সম্প্রতি খুৰা কাউন্সিলৰ প্ৰভাৱ নাই।

(RT)