আপোন গাওঁখনি-আৰিফ আলি জামান

আপোন গাওঁখনি

আপোন মোৰ গাওঁৰ
পদূলি চাইনো চাই নালাগে আমনি।
আপোন মোৰ গাওঁখনি,
সেই গাওঁতে মোৰ
পঢ়া শালি আপোন
মোৰ বিদ্যালয় খনি ।
য’ত লুকাই আছে
শৈশৱ, কৈশোৰ কালৰ বহু দুচতালি ।
আপোন মোৰ ঘৰখনি
যি মানেই নকৰোঁ
দুচতালি শেষত একেই
মৰমেৰে লয় আকৌৱালি ।
আপোন মোৰ গাওঁখনি
যি মানেই দূৰত নাথাকো আতৰি
মৃত্যুৰ পাচতো আকৌ আহিম উভতি ।
হেৰ মোৰ আপোন গাওঁখনি
যাৰ নাম হ’ল- নাহৰণী ।।

 

আৰিফ আলি জামান