আন্ধাৰৰ শেষত — দিলীপ কুমাৰ বৰা,কলিয়াবৰ

pc-the stream

কি যে বিচিত্ৰ এই সংসাৰ..কোনেওঁ নাজানে কেতিয়া কাৰ কি হয়।আশা প্ৰত্যেকৰে থাকে।

কেতিয়াবা কাৰবাৰ এই আশাবোৰ পূৰণ হয় আৰু আন কিছুমানৰ আশা হৈয়েই থাকে——-।
এই আশাৰ এটা ভৰালঁ লৈ এদিন জয়ন্ত বৰাই স্নাতক শেষ কৰি ওলাই গৈছিল কৰ্মসংস্থাপন বিচাৰি। বহু চেষ্টা কৰিও চাকৰি এটা যোগাৰ কৰিব নোৱাৰি হতাশ নহৈ সি লাগি থাকিল  নিৰন্তৰে।অন্তত লাগি থাকিলে মাগি খাব লগা নহয় বুলি তাৰ বিশ্বাস। এইদৰে,এদিন সি গুৱাহাটীত লগ পালে চহৰৰ বিখ্যাত উদ্যোগপতি বেদান্ত বৰুৱাক। বেদান্ত বৰুৱা..এটা চহকী নাম।

কথা-বতৰাৰ অন্তত বৰুৱাই পকেটৰ পৰা কাৰ্ড এখন উলিয়াই জয়ন্তক দি লগ কৰিব দিলে তেওঁক।
মনত যথেষ্ঠ উৎসাহ,উৎকন্ঠা লৈ এদিন বৰুৱাৰ বাগিছাৰ কাৰ্য্যালয়ত জয়ন্তই লগ কৰিলে তেখেতক।  জয়ন্তক আচৰিত কৰি বৰুৱাই কথা বাৰ্তাৰ পিছত তেওঁৰে বাগিছাৰ অফিচত সৰু চাকৰি এটা দি সোনকালে যোগদান কৰিব কলে তাক।
  আনন্দত আত্মহাৰা জয়ন্তই ঘৰলৈ আহি মাক দেউতাকৰ ওচৰত সকলো কথা বিৱৰি কোৱাত দুখীয়া মাকৰ দুচকুৱেদি তপত অশ্ৰু নিগৰি বৈ আহিল। তেওঁ উপদেশ দিলে যে “বোপাই মালিকৰ কথা মতে কাম কৰিবি,সদায়েই সত্য পথত চলিবি”।
এই উপদেশ শিৰনত কৰি সেইমতেই জয়ন্তই  সৰু চাকৰিটোতে মূৰ সুমোৱাই নিজৰ কাম কৰি যাব ধৰিলে নিস্বাৰ্থতাৰে । তাৰ কামৰ আগ্ৰহ,একাগ্ৰতা দেখি বৰুৱাই তাক ভাল পাবলৈ ধৰিলে।বিশ্বাসত ল’বলৈ ল’লে।।অফিচৰ কামৰ লগতে ঘৰুৱাহিক ভাৱেও জয়ন্ত হৈ পৰিল বৰুৱাৰ বিশ্বাসী ব্যক্তি,সোঁ হাত স্বৰূপ।
এই সৰু চাকৰিতোৰ ক্ষুদ্ৰ উপাৰ্জনৰে,জয়ন্তই তাৰ ভনীজনীক পঢ়াশুনাই বিয়া বাৰু দিয়াৰ লগতে নিজেও বিয়া বাৰু পাতিলে।দ্বায়িত্ব ল’লে পৰিয়ালৰ,পিতৃ-মাতৃৰ আনন্দমনে।
দিনক দিনে তাৰ কামৰ একাগ্ৰতা আৰু নিস্বাৰ্থতা দেখি বৰুৱাই জয়ন্তক কামৰ বহু খিনি গধুৰ দায়িত্বও অৰ্পন কৰিলে।
 এই বোৰেই যেন কাল হল জয়ন্তৰ।লগৰ চকুচৰহা কৰ্মচাৰী কিছুমানৰ সহ্য নহ’ল মালিকৰ জয়ন্তৰ প্ৰতি এনে বিশ্বাস,মৰম আৰু আত্মিয়তাৰ।সিহঁতে সদায়েই যেন তাৰ অহিত চিন্তা কৰিব ধৰিলে।
পিছে,হাজাৰ প্ৰতিবন্ধকতা নেওচি একান্ত মনে কাম কৰা জয়ন্তক
 হঠাতে যেন এছাতি কলীয়া মেঘ আহি আৱৰি ধৰিলেহি।যি মেঘে বেদান্ত বৰুৱাৰ পৰিয়ালটিকো খুন্দিয়াই থৈ গ’ল,সেই মেঘেৰ ক’লা তমশাই জয়ন্তকো আৱৰি ধৰিলে চাৰিওপাকে।এক পথ দূৰ্ঘটনাত নিহত হোৱা বৰুৱাৰ অনুপস্থিতিয়ে তচনচ কৰি পেলালে সকলোবোৰ।
 এইটো দিনৰ বাবেই আশাঁ কৰি থকা কিছুমান চকুচৰহা লোকে ইয়়াৰেই যেন ল’লে সুবিধা।তথাপি,
মালিকে দিহা দি যোৱাৰ দৰেই  জয়ন্তই বৰুৱাৰ পৰিয়ালটিক লগতে বাগিছাখন পৰিচালনা কৰি থাকিল,বচাই থাকিল শত্ৰুৰ চকুৰ পৰা,ষড়যন্ত্ৰৰ পৰা। কিন্তু অৰ্থৰ অভাৱৰ বাবে এদিন হাৰ মানিলে সি।
এই সুযোগৰ সৎব্যৱহাৰ কৰিলে জয়ন্তক ভাল নোপোৱা লোকসকলে।নানা কটুকৌশলৰে এদিন তাক চাকৰিৰ পৰা আতঁৰাই দি এটা কুটিল হাহিঁৰে শত্ৰুৱে চকুৰ পচাৰতে কিনি পেলালে বৰুৱাৰ একালৰ স্বৰ্গ হেন বাগিছাখন।। ইমান কষ্টৰে কাম কৰি সদায়েই প্ৰাচীৰৰ দৰে থিয় হৈ বিপদ আহিবলৈ নিদিয়া  জয়ন্তৰ কথা ভাবিবলৈ সেইসময়ত কোনো নোলাল।একেলগৰ ষড়যন্ত্ৰকাৰী কৰ্মচাৰীবোৰেও জয়ন্তৰ বিপক্ষে মাতি নিজৰ অৱস্থিতি অটল ৰখাৰ যেন সুযোগ হে পাইছে।কেও কিছু নথকা জয়ন্তৰ  সৰু পৰিয়ালটি লগতে পঢ়াশুনা কৰি থকা সন্তান কেইটৰ ভবিষতৰ কথা সেইসকল সদাশয় ব্যক্তিৰ অন্তৰত ভাহিঁ নাহিল।তেওঁলোক নিজৰ উন্নতি বিচাৰি,খাটি খোৱা জয়ন্তৰ আৱেগবোৰ মোহাৰি পেলালে একেউশাহে। একো বাট নেদেখি,
চকুৰ পানীৰেই সান্তনা লভি বিদায় ললে সি।
তাৰ মনত উদয় হ’ল এটা কথাই যে আজিৰ দিনত সৎপথত থাকিলে মানুহৰ এনেকুৱা পৰিনিতিয়েই হয় নেকি?
ধন সম্পত্তি থাকিলেহে মানুহে সমাজত আগস্থান পায় নেকি?কষ্ট কৰি এটা প্ৰতিষ্ঠান জীয়াই ৰখা কৰ্মচাৰী বোৰৰ কোনো মূল্য নাই,আৱেগ নাই?
 তাৰ সুষ্ঠ মনটোৱে আকৌ ক’লে ,যে নহয়।তই ভুল ভাবিছ,সততাৰ ফল মিঠা।এইয়া মাথো ঈশ্বৰৰ এক ধৈৰ্য্য পৰীক্ষা।
।।
আজি তাৰ বিচৰা দৰে নাথাকিব পাৰে অৰ্থ কিন্তু সিটো মনৰ সুখী।
অ’,সেই আৱেগে মনত তাক খুন্দিয়াই কিন্তু সেইবুলিটো জীয়াই থকাৰ সংগ্ৰাম বাদ দিব নোৱাৰি।অৰ্থতকৈও মূল্যৱান তাৰ এটা পৰিয়াল আছে,যি তাক উৎসাহ,সান্ত্বনা আৰু নতুনত্বাৰে সকাহ আৰু সাহস দি সুখত ৰাখিছে।
 সমাজত এইবোৰ  লৈয়েইটো সি গৌৰৱ কৰিব পাৰে,আনকি স্বয়ং আন এজনেও প্ৰসংশা কৰে,সন্মান কৰে তাক বা তাৰ কৰ্মৰ প্ৰতি দেখা দ্বায়িত্ববোধক।
সি এতিয়া আনক উপদেশ দিব পৰাকৈ গদগদীয়া যে, ‘সুখী জীৱন মানেই কেৱল অৰ্থয়েই নহয়।ভগৱানে হয়তো সকলোকে সমানে নিদিব পাৰে এইয়া মাথো ভগৱানৰ একো একোটা পৰীক্ষা।আমি কোন সময়ত ভগৱানক মাতিছো,কোন সময়ত অহংকাৰী হৈ ভগৱানক পাহৰিছো এইয়া সকলোৰে হিচাপ তেওঁ ৰাখে।
জীৱনত কেতিয়াও আনক অন্যায়ক কৰি নিজৰ উন্নতিৰ কথা ভাৱিব নালাগে।এজন প্ৰকৃত সৎ  মানুহে কেতিয়াও আনৰ অহিত চিন্তা নকৰে।’
বি:দ্ৰ: জয়ন্ত বৰ্তমান সুখী।তাক উফৰাই পেলোওৱা অহং অসৎ সকলো আজি হাজাৰটা সমস্যাত বিষাদগ্ৰস্থ স্বপ্নভংগ নিসহায় পক্ষী।
দিলীপ কুমাৰ বৰা
কলিয়াবৰ