আনলক স্কুল সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

pc The Sentinel Assam

আনলক স্কুল সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

অনলাইন বাৰ্ত্তাসেৱা – কৰোনা সংক্ৰমণৰ ঘটনা ক্ৰমে কম হ’বলৈ ধৰিছে অসমত। ইয়াৰ লগে লগে ক্ৰমাৎ উন্নত হ’বলৈ ধৰা কভিড পৰিস্থিতি বাবে অসমত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে ‘আনলক স্কুল’ প্ৰক্ৰিয়া। স্বাস্থ্য বিভাগে দাখিল কৰা প্ৰতিবেদনমৰ্মে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সন্দৰ্ভত অনুমতি প্ৰদান কৰে। কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলযোগে অহা ২০ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী হাইস্কুল, হাইমাদ্ৰাছা, আৱাসিক বিদ্যালয় আৰু দিবা ব’ৰ্ডিং শিক্ষানুষ্ঠানত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব বুলি সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় ক’ভিড পৰিস্থিতি শাম কটাৰ লগে লগে স্নাতক-স্নাতকোত্তৰৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰিছিলোঁ। এই কেবিনেটতেই স্বাস্থ্য বিভাগে অসমৰ ক’ভিড পৰিস্থিতি উন্নত হোৱা সম্পৰ্কত প্রতিবেদন দাখিল কৰে। ইয়াৰ পাছতে কেবিনেটে অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিটো শ্ৰেণীকোঠাত ৩০জনকৈ শিক্ষার্থীক লৈ পাঠদান পৰ্ব আৰম্ভ হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। যদিহে অতিৰিক্ত ছাত্র-ছাত্রী থাকে, তেন্তে সংশ্লিষ্ট বিদ্যালয়সমূহে ‘ছেকচন’ৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে শিক্ষানুষ্ঠান খোলাৰ আগতে প্রয়োজনীয় ছেনিটাইজেচন, পৰিষ্কৰণ আদি গোটেইখিনি ব্যৱস্থা আৰম্ভ কৰাৰ বাবে মই সকলো বিদ্যালয় কর্তৃপক্ষক অনুৰোধ জনাইছোঁ। আমি এসপ্তাহ বা ১০ দিন পর্যবেক্ষণ কৰি পৰ্যায়ক্রমে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ দিশে গতি কৰিছোঁ। ইয়াৰ বাবে সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী প্ৰস্তুত হৈ থাকক। এতিয়ালৈকে স্নাতক-স্নাতকোত্তৰৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ যথেষ্টখিনি ছাত্র-ছাত্রী শিক্ষানুষ্ঠানলৈ আহি পাঠগ্ৰহণ কৰিছে। ক’ৰো পৰা কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতিবেদন আমালৈ অহা নাই। তাৰ পৰিপ্ৰেক্ষিততে আমি দশম শ্রেণীতো পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বাকী শ্রেণীসমূহতো পর্যায়ক্রমে পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে সিদ্ধান্ত ল’ব।

(UD.)