আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ

pc Facebook

অনলাইন বাৰ্ত্তাসেৱা – আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰা হয়।

১/ আজিৰ কেবিনেটে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ যমুনা বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শকৰ পদবীত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অহা তিনি ছেপ্টেম্বৰ তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন উপলক্ষে অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত দুয়োগৰাকীকে আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২/ বিভিন্ন দূৰ্ঘটনাৰ সময়ত এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞৰ অভাৱত ভুগি থকা বৰাকবাসীৰ সুবিধাৰ্থে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ শম্ভুধ্ব ধৰক ঠিকভিত্তিক নিযুক্ত প্ৰদান কৰা হয়।

৩/ নতুন প্ৰশাসনিক সংস্কাৰ হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি অৰুণোদয় আঁচনিৰ বাবে পূৰ্বৰ প্ৰয়োজনীয় বিত্ত বিভাগৰ অনুমোদন(চিলিং) এতিয়াৰে পৰা প্ৰয়োজন নহ’ব। বিভাগে এই বিত্তীয় অনুমোদন নিজেই দিব পাৰিব।

৪/ চাহজনগোষ্ঠীয় ৰাইজৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা এক বাৰ্তালাপৰ সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ চৰকাৰৰ দিনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানলৈ নামান্তৰত কৰা আপতি দৰ্শাই পুনৰ আদিবাসী (চাহ জনগোষ্ঠী) ৰাইজৰ সন্মানীয় শব্দ “ওৰাং” নামৰে নামাকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছিল। এই দাবীৰ প্ৰতি সন্মান জনায় ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক পুনৰ “ওৰাং ৰাষ্ট্ৰীয় ” উদ্যান হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৫/ক’ভিডৰ সময়চোৱাত জিলা উপায়ুক্ত সকলে নিজ নিজ জিলাত ব্যয় কৰা ৬৬০ কোটি টকাৰ পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।

৬/ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ক’ভিডৰ দ্বাৰা ক্ষতিগ্ৰস্থ হোৱা লোক সকলৰ বাবে তিনি খনকৈ নতুন আঁচনি মুকলি কৰা হৈছে। ইয়াৰে আজি পুনৰ প্ৰায় ৬৫০০ হাজাৰ হিতাধিকাৰীক সামৰি ক’ভিডত মৃত্যু হোৱা, অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ, যি সকলে চৰকাৰী দৰমহা বা পেঞ্চন লাভ নকৰা ব্যক্তিৰ পৰিয়াললৈ “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে ১ লাখ টকাকৈ এককালীন সাৰ্হায প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰতিগৰাকী অভিভাবক মন্ত্ৰীয়ে নিজৰ জিলা সমূহত মৃতকৰ নিকটতম আত্মীয়ক এই চেক সমূহ বিতৰণ কৰিব।