আজি বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ৰাজ্যিক বাজেট

আজি বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ৰাজ্যিক বাজেট

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যিক বাজেট দাখিল কৰিব। অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাত দিনৰ ১১ বজাত ২০২৩ – ২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। এই বাজেট বিত্ত মন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত চলিত বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বৃহস্পতিবাৰে অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব তাকে লৈ বৰ্তমান চৰ্চা চলিছে। বাজেটক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল সংগঠনে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াইছে৷ লগতে বিৰোধীয়ে মূল্য বৃদ্ধিক লৈও প্ৰতিবাদ কৰা দেখা গৈছে।জানিব পৰা মতে, এই বাজেট ১.২২ লাখ কোটি টকাৰ হ’ব। এই নতুন বাজেটখনত ২৫ খন নতুন বাজেট, প্ৰতিটো সমষ্টিত একোখন বিজ্ঞানসন্মত হাইস্কুল অন্তৰ্ভুক্ত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। লগতে তেওঁ কয় যে, এই বাজেটত আটাইতকৈ বেছি শিক্ষাত বিনিয়োগ কৰা হ’ব।উল্লেখনীয় যে,  প্ৰায় এমাহ জোৰা এক প্ৰস্তুতি তথা বিভিন্ন দল সংগঠনৰ ব্যক্তি তথা প্ৰতিষ্ঠানৰ পৰামৰ্শৰ ভিক্তিত এই বাজেট প্ৰস্তুত কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ  প্ৰাকক্ষণত বিজেপি শাসিত চৰকাৰখনৰ বাজেটত প্ৰকৃততে নিৰ্বাচনমুখী বাজেট হ’ব নিকি অথবা চৰকাৰৰ বাজেটৰ মূল লক্ষ্য কি হ’ব সেয়া নিশ্চয় লক্ষণীয় হ’ব ৷