আজি প্ৰতিৰক্ষা মন্ত্রালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্রদান কৰিব

pc Wikipedia

আজি প্ৰতিৰক্ষা মন্ত্রালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্রদান কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা – প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা মন্ত্রালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ প্রদান কৰিব। এই অনুষ্ঠানত ৭টা নতুন প্ৰতিৰক্ষা কোম্পানীক ৰাষ্ট্রৰ নামত উৎসৰ্গা কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে প্ৰতিৰক্ষা উদ্যোগ সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। প্ৰতিৰক্ষা প্রস্তুতিৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে চৰকাৰে অস্ত্র-শস্ত্ৰ কাৰখানা পৰিষদক এটা চৰকাৰী বিভাগৰ পৰা ১০০ শতাংশ চৰকাৰী মালিকানাধীন ৭টা কোম্পানীলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপৰ ফলত কাম-কাজৰ স্বতন্ত্ৰতা আৰু দক্ষতা বৃদ্ধি পাব তথা উদ্ভাৱন আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব।