আজি দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

আজি দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি দেশৰ ১৩ খন ৰাজ্যত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ মুঠ ৮৮টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ১ লাখ ৬৭ হাজাৰ কেন্দ্ৰত হ’ব ভোটযুদ্ধ। ভোটগ্ৰহণত নিয়োজিত হৈছে ১৬ লাখ প’লিং-প্ৰিজাইডিং বিষয়া। আজি দেশত ভাগ্য নিৰ্ধাৰণ হ’ব ১,২০২ জন প্ৰাৰ্থীৰ। ইয়াৰ ভিতৰত ১০৯৮ গৰাকী পুৰুষ প্ৰাৰ্থী আৰু ১০২ গৰাকী মহিলা প্ৰাৰ্থী। ভাগ্য নিৰ্ণয় হ’ব দুগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ। উল্লেখযোগ্য যে, আজি ভাগ্য নিৰ্ণয় হ’ব ৰাহুল গান্ধী, শশী থাৰুৰৰ দৰে কেইবাগৰাকী হাইপ্ৰ’ফাইল নেতাৰ। কেৰালাৰ ৱায়নাড় সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা। ৰাহুলৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰণ। আনহাতে, তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে শশী থাৰুৰে। তদুপৰি, ভাগ্য নিৰ্ণয় হ’ব কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ। ৰাজস্থানৰ যোধপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে শ্বেখাৱটে। ভাগ্য নিৰ্ণয় হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। ৰাজস্থানৰ কোটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ওম বিৰলাই। ভাগ্য নিৰ্ণয় হ’ব হেমামালিনী, অৰুণ গোভিলৰ। মথুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে হেমা মালিনীয়ে। অৰুণ গোভিলে প্ৰতিদ্বন্দ্বিতা কৰিছে মীৰাটৰ পৰা।আনহাতে, অসমৰো ৫ সমষ্টিত হৈছে ভোটযুদ্ধ। অসমৰ নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং-ওদালগুৰিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি EVMত বন্দী হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী। ৭৭,২৬,৬৬৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য। আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮,৯২,৭৮৯ গৰাকী- পুৰুষ ভোটাৰ ৪,৪৫,০৮৪ গৰাকী আৰু মহিলা ভোটাৰ ৪,৪৭,৬৮৬গৰাকী।ৰাজ্যৰ ৫ সমষ্টিত হৈছে তুমুল ভোটযুদ্ধ।